/asomiyapratidin/media/media_files/2025/09/11/rdddd-2025-09-11-20-07-07.jpg)
ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীৰ নিৰাপত্তাক লৈ চিন্তিত চি আৰ পি এফ। জেদ প্লাছ নিৰাপত্তাত থকা কংগ্ৰেছ নেতা গৰাকীয়ে কাকো নজনোৱাকৈ ৬বাৰকৈ বিদেশ ভ্ৰমণ কৰাৰ পাছতে চি আৰ পি এফৰ তৰফৰ পৰা পত্ৰ প্ৰেৰণ কৰা হৈছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেলৈ। ৰাহুল গান্ধীলৈও এই বিষয়টোক লৈ পত্ৰ প্ৰেৰণ কৰা হৈছে।
চি আৰ পি এফে এই পত্ৰত ৰাহুল গান্ধীৰ বিৰুদ্ধে নিৰাপত্তা প্ৰটকল ভংগ কৰাৰ লগতে সুৰক্ষাক লৈ ভেঙুচালি কৰাৰ অভিযোগ উত্থাপিত কৰিছে। যোৱা ১০ছেপ্টেম্বৰত চি আৰ পি এফৰ তৰফৰ পৰা প্ৰেৰণ কৰা পত্ৰত কোৱা হৈছে যে, ৰাহুল গান্ধীয়ে নিজৰ জেড-প্লাছ নিৰাপত্তাৰ নিয়ম পালন কৰাত ব্যৰ্থ হৈছে। চি আৰ পি এফ ইয়েল্ল বুুক সুৰক্ষা গাইড লাইন ইতিমধ্যে ভংগ কৰা বুলি অভিযোগ উত্থাপন কৰা হৈছে পত্ৰত।
পত্ৰখনত লগতে ৰাহুলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি চি আৰ পি এফে লিখিছে যে, প্ৰটকল অনুসৰি জেদ প্লাছ নিৰাপত্তা প্ৰদান কৰা কোনো ব্যক্তিয়ে বিদেশ যাত্ৰাৰ ১৫দিনৰ আগত তেওঁক সুৰক্ষা প্ৰদান কৰা প্ৰতিটো গোটক আনুষ্ঠানিকভাৱে অৱগত কৰাতো বাঞ্চনীয়। এই কাম এইবাবেই জৰুৰী যাতে, দেশৰ সুৰক্ষা বাহিনীয়ে বিদেশৰ সুৰক্ষা বাহিনীৰ সৈতে কথা পাতি উক্ত লোকজনৰ সুৰক্ষা নিশ্চিত কৰে। কিন্তু ৰাহুল গান্ধীয়ে সেই নিয়ম মনা নাই।
বিগত ৯মাহত ৬বাৰকৈ বিদেশ ভ্ৰমণ কৰা ৰাহুল গান্ধীয়ে কোনো বাৰেই চি আৰ পি এফক অৱগত নকৰা বিষয়টোক লৈ নাৰাজ হোৱাৰ লগতে চিন্তিত হৈ পৰিছে বিভাগীয় কৰ্তৃপক্ষ। সেয়ে এনে ভুল বাৰে বাৰে কৰি থাকিলে সুৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট বাধা আহিব পাৰে বুলি উল্লেখ কৰিছে চি আৰ পি এফে।
ইটালী, ভিয়েটনাম, ডুবাই, ডোহা, লণ্ডন আৰু শেহতীয়াকৈ মালেচিয়ালৈ যোৱা ৰাহুলে কোনো বাৰেই চি আৰ পি এফ অৱগত কৰা নাই।