জন্মু-কাশ্মীৰ চি আৰ পি এফৰ গুলীত এবছৰত মৃত্যু হোৱা সন্ত্ৰাসবাদীৰ সংখ্যা প্ৰকাশ…

জন্মু-কাশ্মীৰ চি আৰ পি এফৰ গুলীত এবছৰত মৃত্যু হোৱা সন্ত্ৰাসবাদীৰ সংখ্যা প্ৰকাশ…

author-image
asomiyapratidin
New Update
জন্মু-কাশ্মীৰ চি আৰ পি এফৰ গুলীত এবছৰত মৃত্যু হোৱা সন্ত্ৰাসবাদীৰ সংখ্যা প্ৰকাশ…

ডিজিটেল ডেস্কঃ এটা বছৰত জন্মু-কাশ্মীৰত চি আৰ পি এফৰ হাতত মৃত্যু হ'ল ১৭৫ টা সন্ত্ৰাসবাদীৰ। ১ মাৰ্চ ২০২১ ৰ পৰা ১৬ মাৰ্চ ২০২২লৈ জন্মু-কাশ্মীৰত চি আৰ পি এফৰ হাতত গ্ৰেপ্তাৰ হৈছে মুঠ ১৮৩ গৰাকী সন্ত্ৰাসবাদী। চি আৰ পি এফৰ ফালৰ পৰা প্ৰকাশ কৰিছে এই তথ্য।

Advertisment

এই সময়ছোৱাত চি আৰ পি এফে নক্সাল অধ্যুষিত অঞ্চলত কেইবাটাও অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৬৯৯ জন নক্সালবাদীক। আনহাতে চি আৰ পি এফৰ গুলীত নিহত হৈছে ১৯ জন নক্সালবাদী। চি আৰ পি এফৰ ডি জি কুলদীপ সিঙে এই তথ্য প্ৰদান কৰিছে। তেওঁ লগতে জনায় যে, এই অভিযানত শ্বহীদ হোৱা জোৱানসকলৰ পৰিয়ালৰ লোকক আগবঢ়োৱা সাহায্যৰ পৰিমাণ ২০ লাখ টকাৰ পৰা ৩০ লাখ টকালৈ বৃদ্ধি কৰা হৈছে।