সোণাপুৰত চিআৰপিএফৰ ১২৮ বেটেলিয়ৰ চিভিক একচন প্ৰগ্ৰেম আয়োজন

সোণাপুৰৰ ৰূপনগৰ গাওঁত দুখীয়া মহিলা সকলক ১৫ দিনীয়া চিলাই মেচিন চলোৱাৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰি দিয়াৰ লগতে টোপাতলীত মৌপালনৰো প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে চিআৰপিএফে ।

author-image
Asomiya Pratidin
New Update
sdsdseredd

ডিজিটেল সংবাদ, সোণাপুৰঃ চিআৰপিএফে প্ৰত্যেক বছৰে জনহিতৰ অৰ্থে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে। এই কাৰ্যসূচীৰ অংশ হিচাপে সোণাপুৰৰ ৰূপনগৰ গাওঁত দুখীয়া মহিলা সকলক ১৫ দিনীয়া চিলাই মেচিন চলোৱাৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰি দিয়াৰ লগতে টোপাতলীত মৌপালনৰো প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বাহিনীটোৱে।

উল্লেখ্য যে, প্ৰশিক্ষণৰ অন্তত মহিলা সকলক একোটাকৈ চিলাই মেচিন দিয়া হব বুলি চিআৰপিএফৰ তৰফৰ পৰা জানিব দিছে। মূলত চিভিক একচন প্ৰগ্ৰেমৰ জড়িয়তে অনগ্ৰস অঞ্চলৰ বিকাশৰ বাবে প্ৰয়োজনীয় কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা তথা দুখীয়া পৰিয়ালক অৰ্থনৈতিক ভাৱে আগুৱাই নিব পৰা কাৰ্যপন্থা হাতত লোৱাৰ কথাও জানিবলৈ চিআৰপিএফে।

এই অনুষ্ঠানত উপস্থিত থাকে ছেকেণ্ড ইন কমাণ্ড শংকৰ কুমাৰ, সহকাৰী কামাণ্ডেণ্ট প্ৰস্মিতা মংগৰাজ, সহকাৰী কামাণ্ডেণ্ট টাইথুল থাংমিনেলিয়ান, সহকাৰী কামাণ্ডেণ্ট সন্দীপ ৰাথী, অধীনস্থ বিষয়া আৰু অন্যান্য কৰ্মীৰ লগতে দুয়োখন গাঁৱৰ গাঁওবুঢ়া তথা বিশিষ্টি ব্যক্তিসকল।

চিআৰপিএফ