/asomiyapratidin/media/media_files/2025/12/11/455-2025-12-11-08-45-43.jpg)
ডিজিটেল ডেস্ক : ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক তথা প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰৰ প্ৰশিক্ষণ আৰু শেহতীয়া কাৰ্যকলাপক লৈ এতিয়া চৌদিশে সমালোচিত হৈছে। সামাজিক মাধ্যমত গুৰু গম্ভীৰক সমালোচনাৰে থকা-সৰকা কৰা দেখা পোৱা গৈছে।
গুৰুৰ আসনত থকাৰ যোগ্যতাক লৈও প্ৰশ্ন তুলিছে নেটিজেনে। উল্লেখ কৰা প্ৰয়োজন যে, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলা হেৰুওৱাৰে পৰা সমালোচিত হৈছে তেওঁ। শেহতীয়াকৈ টি-২০ মেচত সঞ্জু ছেমছনক বাদ দিয়াৰ পাছতে গৌতম গম্ভীৰক ক্ষুৰধাৰ সমালোচনা কৰিছে নেটিজেনে।
নেটিজেনৰ মতে, শুভমন গীলৰ প্ৰেমত অন্ধ হোৱাৰ বাবেই হেনো শেহতীয়া টি-২০ মেচত বাদ পৰিব লগা হৈছিল সঞ্জু ছেমছন। এছিয়া কাপত গীলৰ বাবেই অ’পেনিং বেটাৰ ছেমছনে ৫নম্বৰ স্থানত বেটিং কৰিব লগা হৈছিল। গীলৰ বাবে দক্ষিণ আফ্ৰিকাৰে হোৱা প্ৰথমখন টি-২০ত স্থান হেৰুৱাব লগা হৈছিল ছেমছনে।
একেই দশা হৈছে যশস্বী জয়ছোৱাল আৰু ঈশান কিষাণৰো। দীৰ্ঘদিন ধৰি জাতীয় দলৰ পৰা বাহিৰত আছে অপেনিং বেটাৰ ঈশান কিষাণ। ঈশানে এদিনীয়া দলত স্থান হেৰুৱাৰ মূলতে গীল।
তাৰোপৰি টেষ্টত চাৰি নম্বৰ স্থানত গীলক বেটিং কৰোৱাৰ ফলতে বিৰাট কোহলিয়ে বাধ্য হৈছিল অৱসৰ ল’বলৈ। এদিনীয়াত ৰোহিতক আঁতৰাই গীলক অধিনায়ক পতাৰ বাবে ৰোহিতে এৰিছিল টেষ্ট ক্ৰিকেট ! টি-২০ত স্থান নিগাজি কৰিবৰ বাবেই গীলক পতা হৈছে সহঃ অধিনায়ক। যাৰ বাবে স্থান নাইকীয়া হৈছে ছেমনছনৰ বাবে।
দুৰ্বল প্ৰদৰ্শনৰ পাছতো আন ক্ৰিকেটাৰতকৈ গীলক ধাৰাবাহিকভাৱে দিয়া হৈছে সুযোগ। এই আটাইবোৰ কাৰকৰ বাবে জগৰীআ কৰিছে গুৰু গম্ভীৰক। যদি পৰৱৰ্তী সময়ত গৌতম গম্ভীৰৰ এনে দপদপনি চলি থাকে, তেন্তে ভাৰতীয় ক্ৰিকেটৰ বাবে ই শুভ লক্ষণ নহয় বুলি নেটিজেনে মন্তব্য কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us