অসমৰ আটাইতকৈ চঞ্চলমতীয়া ৰাজনৈতিক নেতাজনৰ নাম হিমন্ত বিশ্ব শৰ্মা : অখিল গগৈ

অসমৰ আটাইতকৈ চঞ্চলমতীয়া ৰাজনৈতিক নেতাজনৰ নাম হিমন্ত বিশ্ব শৰ্মা। অসমৰ আটাইতকৈ উশৃংখল, জপিয়াই থকা, স্থিৰতা নথকা আৰু ভৰিত চকা লাগি থকা মুখ্যমন্ত্ৰীজনৰ নাম হৈছে হিমন্ত বিশ্ব শৰ্মা।

author-image
Asomiya Pratidin
New Update
318

ডিজিটেল সংবাদ,তেজপুৰ : অসমৰ আটাইতকৈ চঞ্চলমতীয়া ৰাজনৈতিক নেতাজনৰ নাম হিমন্ত বিশ্ব শৰ্মা। অসমৰ আটাইতকৈ উশৃংখল, জপিয়াই থকা, স্থিৰতা নথকা আৰু ভৰিত চকা লাগি থকা মুখ্যমন্ত্ৰীজনৰ নাম হৈছে হিমন্ত বিশ্ব শৰ্মা।

অসমৰ ইতিহাসৰ আটাইতকৈ গাম্ভীৰ্যতা নথকা তৰল বক্তব্য প্ৰকাশ কৰা মুখ্যমন্ত্ৰীজনৰ নামেই হিমন্ত বিশ্ব শৰ্মা ৷ শুকুৰবাৰে এইদৰে মুখ্যমন্ত্ৰীগৰাকীক কটাক্ষ কৰে বিধায়ক অখিল গগৈয়ে।

ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে আজি মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ বিৰুদ্ধে তেজপুৰত উপস্থিত হৈ এনে বিস্ফোৰক মন্তব্য কৰে । উল্লেখ্য যে তেজপুৰৰ বিহগুৰিত ৰাইজৰ দলৰ এখন প্ৰতিনিধি সভা অনুষ্ঠিত হয়। সেই অনুসৰি উক্ত সভাত অংশগ্ৰহণৰ সময়তে সাংবাদিকৰ আগত বিধায়ক অখিল গগৈয়ে কেতবোৰ মন্তব্য কৰে।

অখিল গগৈ হিমন্ত বিশ্ব শৰ্মা