Advertisment

মৰিগাঁৱৰ ৰাষ্ট্ৰীয় ঘাই পথত ট্ৰাক ডকাইতিৰে জড়িত আটাইকেইজনক গ্ৰেপ্তাৰ

২৬ অক্টোবৰত মৰিগাঁৱৰ ধৰমটোলত নিশা ৰাষ্ট্ৰীয় ঘাইপথত ডেৰ কোটি টকাতকৈয়ো অধিক সামগ্ৰী ভৰ্তি এখন ট্ৰাকত ডকাইতে চলাইছিল লুণ্ঠন। সম্প্ৰতি ডকাইতি কাণ্ডৰ লগত জড়িত ৮টাকৈ ডকাইতক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, মৰিগাঁওঃ ২৬ অক্টোবৰত মৰিগাঁৱৰ ধৰমটোলত নিশা ৰাষ্ট্ৰীয় ঘাইপথত ডেৰ কোটি টকাতকৈয়ো অধিক সামগ্ৰী ভৰ্তি এখন ট্ৰাকত ডকাইতে চলাইছিল লুণ্ঠন। সম্প্ৰতি ডকাইতি কাণ্ডৰ লগত জড়িত ৮টাকৈ ডকাইতক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

Advertisment

অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰে ডকাইত কেইটাক। অতিৰিক্ত আৰক্ষী অধীক্ষক সমিৰণ বৈশ্যৰ নেতৃত্বত চলিছিল এই অভিযান। দীৰ্ঘ দিন ধৰি এই গেং টোৱে ৰাষ্ট্ৰীয় ঘাইপথত এই ধৰণৰ কাণ্ড সংঘটিত কৰি আহিছিল।

শনিবাৰে সংবাদ মেল যোগে অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই উক্ত ঘটনাৰ বিবৰণ সদৰি কৰে।

মৰিগাওঁ