/asomiyapratidin/media/media_files/2025/12/01/new-ap-web-2-5-2025-12-01-15-19-02.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যত যোৱা ১ টা বছৰত সংঘটিত হৈছে ৮, ৮৫৬ টা অপৰাধ কাণ্ড । গুৱাহাটী মহানগৰীত যোৱা ১১ মাহত সংঘটিত হোৱা অপৰাধৰ সংখ্যা ১,৫৭৩টা। ইয়াৰে ২০৬ টা অপহৰণ কাণ্ড সংঘটিত হৈছে ৰাজধানী চহৰখনত। ইয়াৰ উপৰিও ৰাজ্যত সংঘটিত হোৱা ২৩২ টা হত্যাকাণ্ডৰ ভিতৰত ৭৯ টা সংঘটিত হৈছে গুৱাহাটীত।
দেখা গৈছে যে নিৰাপত্তাৰ দৃষ্টিকোনেৰে অতি সুৰক্ষিত বুলি ভবা হয় গুৱাহাটী মহানগৰ। কিন্তু সেই গুৱাহাটী চহৰতে বিভিন্ন ধৰণৰ অপৰাধৰ সংঘটিত হোৱা হাৰ বেছি। অথচ এই গুৱাহাটী চহৰত খোজে খোজে আছে থানা আৰু নিৰাপত্তাৰ অন্যান্য ব্যৱস্থা। গুৱাহাটী মহানগৰীত উক্ত সময়ছোৱাত সংঘটিত হৈছে ১০২ টা লুণ্ঠন কাণ্ড। চুৰি কাণ্ডৰো হাৰ বেছি গুৱাহাটীত। সহস্ৰাধিক চুৰিকাণ্ড সংঘটিত হৈছে গুৱাহাটীত। ইফালে ৰাজ্যত ৫টা ডাইনী কাণ্ড সংঘটিত হৈছে যোৱা ১ টা বছৰত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us