ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ স্পিনাৰ বলাৰ য়ুজৱেন্দ্ৰ চহলৰ বিয়া ঠিক হৈছে। ছচিয়েল মিডিয়াযোগে এই বিয়াৰ প্ৰাৰম্ভিক নীতি-নিয়ম সম্পন্ন কৰাৰ ফটো শ্বেয়াৰ কৰি এই খবৰ অনুৰাগীক জনালে চহলে।
ক্ৰিকেটাৰগৰাকীয়ে এই খবৰ ৰাজহুৱা কৰাৰ লগে লগে অসংখ্যা অনুৰাগীৰ লগতে সৰ্তীথ খেলুৱৈয়েও তেওঁক অভিনন্দন জনালে।
উল্লেখ্য যে, য়ুজৱেন্দ্ৰ চহল আই পি এল টীমৰ ৰয়েল চেলেঞ্জাৰ বেংগালুৰুৰ সৈতে জড়িত হৈ আছে। সেয়েহে কিছুদিনৰ পাছতে খেলৰ বাবে ডুবাইলৈ উৰা মাৰিব খেলুৱৈগৰাকী। ইয়াৰ মাজতে বিয়াৰ সকলো প্ৰাৰম্ভিক কাম-কাজ সম্পন্ন কৰিলে চহলে। উল্লেখ্য যে, চহলৰ সৈতে বিবাহ পাশত আৱদ্ধ হব লগা গৰাকীৰ নাম ধনশ্ৰী। কৰিঅগ্ৰাফাৰ আৰু ইউটিউবাৰ হিচাপে ছচিয়েল মিডিয়াত যথেষ্ট জনপ্ৰিয় ধনশ্ৰী।