ড্ৰাগছৰ কৰালগ্ৰাসৰ পৰা যুৱ প্ৰজন্মক মুক্ত কৰাৰ মানসেৰে অনুষ্ঠিত ক্লাব ক্ৰিকেট প্ৰতিযোগিতা...

ড্ৰাগছৰ কৰালগ্ৰাসৰ পৰা যুৱ প্ৰজন্মক মুক্ত কৰাৰ মানসেৰে অনুষ্ঠিত হল ক্লাৱ ক্ৰিকেট প্ৰতিযোগিতা। সমাজত চলি থকা ড্ৰাগছ, মদ, ভাং, জুৱা আদি ব্যাধিৰ পৰা দূৰৈত ৰাখিবলৈ  ধিঙৰ পানবাৰী আজাদ সংঘ

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ  ড্ৰাগছৰ কৰালগ্ৰাসৰ পৰা যুৱ প্ৰজন্মক মুক্ত কৰাৰ মানসেৰে অনুষ্ঠিত হল ক্লাৱ ক্ৰিকেট প্ৰতিযোগিতা। সমাজত চলি থকা ড্ৰাগছ, মদ, ভাং, জুৱা আদি ব্যাধিৰ পৰা দূৰৈত ৰাখিবলৈ  ধিঙৰ পানবাৰী আজাদ সংঘ খেলপথাৰত অনুষ্ঠিত ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেল খেল।

চূড়ান্ত খেলখনৰ আৰম্ভণি কৰি বিশিষ্ট সমাজকৰ্মী ৰাইহান উদ্দিন চৌধুৰীয়ে "বৰ্তমান সময়ত মদ, ভাং, ড্ৰাগছ আদি বিভিন্ন মাৰাত্মক ব্যাধিৰ প্ৰতি বহু নৱপ্ৰজন্ম ধাৱমান হৈ সুন্দৰ জীৱন বিনস্ত কৰি পেলাইছে। সেই মাৰাত্মক ড্ৰাগছ, মদ, ভাং, জুৱাৰ পৰা মুক্তি দি সুন্দৰ সমাজ গঠনৰ নিমিত্তে আমি শিক্ষা আৰু খেল ধেমালিৰ মাজেৰে সমাজৰ উন্নয়নৰ বাবে ধিঙৰ ৰাইজৰ সহযোগত এই খেল ধেমালিৰ প্ৰচেষ্টা হাতত লৈছোঁ" বুলি প্ৰকাশ কৰে।

ইফালে খেলৰ আৰম্ভণিতে শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মায়াবিনী ৰাতিৰ বুকুত গীত গাই সকলোৱে স্মৰণ কৰে। নিজ ধিং নৱজ্যোতি ক্লাৱ বনাম মাৰ্কেটিং ভাই ভাই ক্লাৱৰ মাজত অনুষ্ঠিত খেলখনৰ আৰম্ভণিতে দুয়ো দলৰ খেলুৱৈক কৰমৰ্দন কৰি শুভেচ্ছা জ্ঞাপন কৰে।

সহস্ৰাধিক লোক উপস্থিত থকা খেলখনত নিজ ধিং নৱজ্যোতি ক্লাৱ বিজয়ী হয় লগতে মেন অফ দা মেচ্ লাভ কৰে ৰিজাবুল হকে আৰু মেন অফ দা চিৰিজ লাভ কৰে বাবলুয়ে। উল্লেখ্য যে, বিশিষ্ট সমাজকৰ্মী ৰাইহান উদ্দিন চৌধুৰীৰ প্ৰচেষ্টাত বিগত দুটা মাহ ধৰি চলি থকা এই ক্লাৱ ক্ৰিকেট প্ৰতিযোগিতাখনিত অঞ্চলত সুন্দৰ বাতাবৰণৰ সৃষ্টি কৰে। 

ধিং