ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ত 'ক্ৰিয়েটিভ টক ছিৰিজ'ৰ আয়োজন

অসম ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগে “Creative Talk Series” শীৰ্ষক এক বক্তৃতা অনুষ্ঠান আৰম্ভ কৰিছে।

author-image
Asomiya Pratidin
New Update
FDGVFVDVCVC

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগে “Creative Talk Series” শীৰ্ষক এক বক্তৃতা অনুষ্ঠান আৰম্ভ কৰিছে। এই কাৰ্যসূচীৰ প্ৰথমটো বক্তৃতা প্ৰদান কৰে ড০ অমৰজ্যোতি চৌধুৰীয়ে। 

আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গুৱাহাটীৰ বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰায় ১৩০ গৰাকী ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। ইয়াৰ ভিতৰত বি বৰুৱা কলেজ, প্ৰাগজ্যোতিষ কলেজ, সন্দিকৈ ছোৱালী মহাবিদ্যালয় আৰু আৰ্য বিদ্যাপীঠ কলেজৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বিশ্ববিদ্যালয় খনৰ শিক্ষাৰ্থী সকলেও অংশগ্ৰহণ কৰে।

“The Wonders of the Quantum World” শীৰ্ষক বক্তৃতাত প্ৰফেচৰ  ড০ অমৰজ্যোতি চৌধুৰী Quantum Theory আৰু Quantum Mechanicsৰ মৌলিক আৰু তাত্ত্বিক দিশসমূহৰ সন্দৰ্ভত এক গভীৰ আৰু মনোগ্ৰাহী আলোচনা আগবঢ়ায়। জটিল ধাৰণাসমূহ সহজ আৰু বুজিবলৈ সুবিধাজনক ভাষাত ব্যাখ্যা কৰি তেওঁ প্ৰায় এশ বছৰৰ পূৰ্বে উদ্ভৱ হোৱা Quantum Mechanicsৰ ইতিহাসৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ প্ৰযুক্তিগত ব্যৱহাৰলৈকে এক বিস্তৃত চিত্ৰ অংকন কৰে।

এই বক্তৃতানুষ্ঠানত  ড০ অমৰজ্যোতি চৌধুৰীয়ে উল্লেখ কৰে যে,  Quantum তত্ত্বৰ বৈপ্লৱিক ধাৰণাসমূহে প্ৰচলিত ধাৰণাক প্ৰত্যাহ্বান জনাইছিল আৰু আজিৰ দিনত ইলেক্ট্ৰনিক্স, যোগাযোগ ব্যৱস্থা, গণনা প্ৰযুক্তি আৰু সামগ্ৰী বিজ্ঞানৰ দৰে ক্ষেত্ৰত আধুনিক উন্নয়নৰ মূল আধাৰ হিচাপে পৰিগণিত হৈছে। তেওঁৰ সৰল আৰু স্পষ্ট ব্যাখ্যাই ছাত্ৰ-ছাত্ৰীসকলক Quantum Mechanicsৰ ধাৰণাগত সৌন্দৰ্য আৰু ব্যৱহাৰিক গুৰুত্ব বুজিবলৈ সহায় কৰে।

আনহাতে, বিশ্ববিদ্যালয় খনৰ ৰয়েল স্কুল অৱ এপ্লাইড এণ্ড পিউৰ চাইন্সেছৰ ডীন প্ৰফেচাৰ অণিৰুদ্ধ চেটাৰ্জীয়ে কয় যে, এই পদক্ষেপৰ মূল লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কৌতূহল জাগ্ৰত কৰা, সৃষ্টিশীল চিন্তা-ভাবনা উৎসাহিত কৰা আৰু পাঠ্যক্ৰমৰ সীমাৰ বাহিৰে গভীৰ বৌদ্ধিক সম্পৃক্ততা গঢ়ি তোলা। “বৃহৎ সংখ্যক উপস্থিতিয়ে Quantum জগতৰ আশ্চৰ্যজনক আৰু প্ৰায় অ-স্বাভাৱিক নীতি-নিয়মসমূহ বুজিবলৈ ছাত্ৰ-ছাত্ৰীসকলৰ আগ্ৰহ বৃদ্ধি পোৱা প্ৰতিফলিত কৰিছে,” বুলিও তেওঁ উল্লেখ কৰে।

এই অনুষ্ঠানটো প্ৰশ্নোত্তৰ শিতানেৰে সমাপ্ত হয়।  ছাত্ৰ-ছাত্ৰীসকলে বক্তাৰ সৈতে মতবিনিময় কৰি বিভিন্ন চিন্তাশীল প্ৰশ্ন উত্থাপন কৰে। ড০ অমৰজ্যোতি চৌধুৰীয়েও ছাত্ৰী-ছাত্ৰী সকলৰ প্ৰতিটো প্ৰশ্নৰ মনোগ্ৰাহী উত্তৰ প্ৰদান কৰে। 

ৰয়েল গ্ল'ৱেল বিশ্ববিদ্যালয় ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়