/asomiyapratidin/media/media_files/2025/07/29/iikk-2025-07-29-23-01-17.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: কৃষি প্ৰধান লখিমপুৰ জিলাত হোৱা অনাবৃষ্টিৰ পৰিণতিত উদ্ভৱ হোৱা খৰাং পৰিস্থিতিয়ে কৃষকৰ ভৱিষ্যত অন্ধকাৰ কৰি তুলিছে । ভয়াবহ দুৰ্ভিক্ষৰ ইংগিত দিয়া এই খৰাং পৰিস্থিতিৰ মোকবিলা কৰি কৃষকক দ্ৰুত জলসিঞ্চন ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰিছে ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী ) চমুকৈ চি পি আই এমে ।
মঙলবাৰে লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত এক গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি এই দাবী উত্থাপন কৰিছে দলটোৱে । দলটোৰ জিলা সমিতিৰ সম্পাদক অমিয় কুমাৰ সন্দিকৈ, ৰাজ্যিক সদস্য গোপাল গগৈ, গহীন চুতীয়া ,লক্ষী সোণোৱাল, ডিম্বেশ্বৰ চুতীয়া আদি প্ৰায় ৪০ গৰাকী দলীয় নেতা কৰ্মীৰ উপস্থিতিত প্ৰায় ২ ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি জিলাখনৰ ৩খন ৰাজহ গাঁওৰ লগতে ৰাজ্যখনত চলোৱা অমানৱীয় উচ্ছেদ অভিযানৰ বাবে মেহনতি জনতা ব্যাপক হাৰত ক্ষতিগ্ৰস্ত হোৱাত গভীৰ ক্ষোভ প্ৰকাশ কৰে।
সেয়ে বিকল্প সংস্থাপনৰ ব্যৱস্থা নকৰা পৰ্যন্ত জিলা আৰু ৰাজ্যখনত অব্যাহত থকা মানৱতাৰ পৰিপন্থী এই উচ্ছেদ অভিযান স্থগিত ৰখাৰ দাবী জনায় দলটোৱে । তাৰোপৰি ৰাজ্য চৰকাৰৰ দুৰ্নীতিগ্ৰস্ত মন্ত্ৰী-বিষয়া, বিধায়কৰ দুৰ্নীতি অনিয়ম ,কেলেংকাৰী আৰু নীতি বৰ্হিভূত আয়ৰ ওপৰত উচ্চস্তৰীয় তদন্ত কৰি তদন্তৰ খতিয়ান ৰাজহুৱা কৰাৰো দাবী জনায় ।
জিলাখনৰ বিকল জলসিঞ্চন ব্যৱস্থা সমূহ শীঘ্ৰে কাৰ্যক্ষম কৰি কৃষকক ২৪ ঘণ্টাই পানী যোগান ধৰি উপকৃত কৰা ,ভিন্ন ভাষা ধৰ্মীয় নাগৰিকৰ মাজত থকা বিনন্দীয়া ঐক্য ভাতৃত্ববোধ বিনষ্ট কৰি উগ্ৰ সাম্প্ৰদায়িক প্ৰচাৰ চলোৱা কাৰ্যক একেমুখে নিন্দা কৰি এই ক্ষয়ঙ্কৰী প্ৰচাৰ বন্ধ কৰাৰ দাবী উত্থাপন কৰি স্মাৰক পত্ৰ প্ৰদান কৰে। । দুপৰীয়া ১১বজাৰ পৰা ১বজালৈ প্ৰায় ২ ঘণ্টা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ অন্তত জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন ৪ দফীয়া স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।