ঢকুৱাখনাত চি পি আই (এম)ৰ সংবাদমেল

মঙলবাৰে বিয়লি ঢকুৱাখনাত এক সংবাদমেল সম্বোধন কৰি দলৰ ৰাজ্যিক সদস্য নাথে শদিয়াৰ থলুৱা শ্ৰমজীৱী কৃষকে স্ব উপাৰ্জিত আলু উচিত দামৰ পৰা বঞ্চিত হৈ ৰাজপথত দলিয়াই ক্ষোভ প্ৰকাশ কৰা বিষয়টোত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ঢকুৱাখনা: "থলুৱা কৃষকৰ "আমাৰ পথাৰ আমাৰ বজাৰ"ৰ পৰিবৰ্তে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত বহিৰাগত বৃহৎ পুঁজিপতি বণিয়া গোষ্ঠীৰ হাতত বন্দী হৈছে গ্ৰাম্য অৰ্থনীতি । চিনাকি অচিনাকি বিষয়ৰ কথা কোৱা, থলুৱা কৃষকৰ উত্তৰণৰ কথা কোৱা ,খিলঞ্জীয়া অসমীয়াৰ অধিকাৰৰ কথা কোৱা বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত থলুৱা কৃষিজীৱী জনতাৰ অধিকাৰ বিলুপ্ত হৈছে । তাৰ উৎকৃষ্ট দৃষ্টান্ত শদিয়াৰ থলুৱা কৃষকৰ দ্বাৰা উৎপাদিত আলু উচিত বজাৰ দৰৰ অভাৱত ৰাজপথত দলিয়াই পেলাই দিয়া মৰ্মান্তিক প্ৰতিচ্ছবি।ইয়াৰ কাৰণ হৈছে বহুজাতিক বণিয়াৰ কৰাল গ্ৰাসৰ দ্বাৰা পৰিচালিত হৈছে অসমৰ বজাৰ । বহিৰাগত বণিয়া গোষ্ঠীৰ দ্বাৰা পৰিচালিত নিয়ন্ত্ৰিত হৈ অহা অসমৰ বজাৰখনৰ বাবেই এনে চৰম পন্থা হাতত লব লগা হৈছে খতিখোৱা  শদিয়াৰ কৃষকে"- এই মন্তব্য ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ ৰাজ্যিক সদস্য কমৰেড নিৰঙ্কুশ নাথৰ ।

মঙলবাৰে বিয়লি ঢকুৱাখনাত এক সংবাদমেল সম্বোধন কৰি দলৰ ৰাজ্যিক সদস্য নাথে শদিয়াৰ থলুৱা শ্ৰমজীৱী কৃষকে স্ব উপাৰ্জিত আলু উচিত দামৰ পৰা বঞ্চিত হৈ ৰাজপথত দলিয়াই ক্ষোভ প্ৰকাশ কৰা বিষয়টোত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। দলৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত সংবাদমেলত কমৰেড নাথে সোমবাৰে শদিয়াত সংঘটিত ঘটনাৰ যাতে অন্য জিলাত পুনৰাবৃত্তি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি  থলুৱা কৃষকৰ উৎপাদিত সকলো ৰবি খেতিৰ ওপৰত নূন্যতম সমৰ্থন মূল্য (এম এছ পি) ঘোষণা ৰাজ্য চৰকাৰে শীঘ্ৰে কৰাৰ দাবী জনায় ।

চৰকাৰে ধানৰ ক্ষেত্ৰত যিদৰে এম এছ পি ঘোষণা কৰিলে তেনেদৰে ৰবি খেতিৰ ফচলৰ ওপৰতো এই এম এছ পি ঘোষণা তাৎক্ষণিক ভাৱে কৰাটো বিচৰা বুলি মত ব্যক্ত কৰে। নাথে কয় শদিয়া, হোজাই , বিশ্বনাথ,বৰপেটা ,লখিমপুৰ আদি বিভিন্ন সাৰুৱা জিলাৰ কৃষক সকলে উৎপাদিত ফচলৰ উচিত বজাৰ মূল্যৰ পৰা বঞ্চিত হৈ আহিছে ।

কেৱল মুখত পথাৰ আমাৰ, বজাৰ আমাৰ বুলি চিঞৰি আহিলেই চৰকাৰৰ দায়িত্ব শেষ নহয় । বনিয়াৰ গ্ৰাসত থকা বজাৰখন থলুৱা কৃষকৰ বাবে মোকোলাই আনিব লাগিব চৰকাৰে । সাম্প্ৰদায়িক ৰাজনীতিত সদাব্যস্ত চৰকাৰখনে থলুৱা কৃষকক সুৰক্ষিত কৰাৰ বাবে কোনো কাৰ্যপন্থা গ্ৰহণ কৰা নাই বুলিও ক্ষোভ ব্যক্ত কৰে নাথে । 

ৰাজ্যিক সদস্য কমৰেড গোপাল গগৈ , ভূপেন শৰ্মা ,লখিমপুৰ জিলা কমিটিৰ সদস্য অমিয় কুমাৰ সন্দিকৈ , জিলা সম্পাদক মণ্ডলীৰ সদস্য গহীন চুতীয়া আদি উপস্থিত থকা সংবাদমেলত কমৰেড নাথে মূলতঃ থলুৱা মেহনতি কৃষকৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ চাৰিটা দাবী উত্থাপন কৰি তাৎক্ষণিক কাৰ্যকৰী কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰে ।

সেইবোৰ হ'ল থলুৱা কৃষকৰ উৎপাদিত ৰবি ফচলৰ নূন্যতম সমৰ্থন মূল্য নিৰ্ধাৰণ কৰা ,ৰাজ্যখনৰ প্ৰতিটো ব্লকত এটাকৈ "হিম ঘৰ" নিৰ্মান কৰা, কৃষকৰ ঋণ লোৱাৰ ব্যৱস্থা সৰলীকৃত কৰি বেংকৰ মাজেৰে গৈ কৃষকে সঠিক ভাবে কৃষি ঋণ পাব পাৰে তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰা আৰু ৰাজ্যখনত দীৰ্ঘদিন ধৰি চলি অহা ৰাসায়নিক সাৰ আৰু বীজৰ বজাৰৰ ছিণ্ডিকেটখন উৎখাট কৰি নিয়ন্ত্ৰণ কৰা ।

অসমৰ বজাৰ বনিয়াই নহয় চৰকাৰে নিয়ন্ত্ৰণ কৰাৰ উপৰিও ৰবি খেতিৰ ফচল ক্ৰয়ৰ বাবে ব্লক পৰ্যায়ত ক্ৰয় কেন্দ্ৰ স্থাপন কৰি কৃষকৰ মানদণ্ড উন্নত কৰাত গুৰুত্ব আৰোপেৰে কৃষকৰ বেদনা উপলব্ধি নকৰিলে ভৱিষ্যতৰ দিনত পৰিণতি অধিক ভয়ংকৰ হব বুলিও সকীয়াই দিয়ে নাথে । হিতাধিকাৰী ৰাজনীতিৰে বিজেপি চৰকাৰে সদায় ৰাজপাটত অধিষ্ঠিত হব নোৱাৰিব বুলি উনুকিয়াই দি নাথে কয় বৃহৎ বৃহৎ পুঁজিপতি গোষ্ঠীৰ স্বাৰ্থত  আইন প্ৰস্তুত কৰিব পাৰে , বিশাল ভূমি বহিৰাগত বেপাৰী গোষ্ঠীক আবন্টন দিব পাৰে চৰকাৰে অথচ খাটি খোৱা  থলুৱা কৃষক সকলৰ সুৰক্ষাৰ বাবে একো নীতি নিৰ্ধাৰণ কৰিব নোৱাৰে ।

খিলঞ্জীয়া কৃষক সকলক সৰ্বশ্ৰান্ত কৰি কৃষি কৰ্মৰ প্ৰতি  অনীহা সৃষ্টি কৰাই খেতি কৰিবলৈ বাদ দিয়াই উক্ত মাটি আদানী ,আম্বানী অথবা ৰামদেৱৰ দৰে মুনাফা লোভী গোষ্ঠীক গতাই দিয়াৰ ভয়ংকৰ ষড়যন্ত্ৰ মুখ্যমন্ত্ৰীয়ে কৰাৰো অভিযোগ উত্থাপন কৰি ৰাজ্যিক সদস্য নাথে শদিয়াৰ সংগ্ৰামী বঞ্চিত কৃষক সকলৰ প্ৰতি নৈতিক সমৰ্থন থকা বুলি দোহাৰে ।

সংবাদমেলত জিলা কমিটিৰ অমিয় কুমাৰ সন্দিকৈয়েও শদিয়াৰ থলুৱা শ্ৰমজীৱী কৃষকৰ এনে দুৰ্দশাগ্ৰস্ত অৱস্থাৰ বাবে ৰাজ্য চৰকাৰক দোষাৰোপ কৰি সংগ্ৰামী কৃষক সকললৈ সমৰ্থন আগবঢ়াই কয় সীমাহীন অভাৱ সমস্যাৰ মাজতো কৃষি কৰ্মেৰে গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰি অহা থলুৱা কৃষক সকলৰ উৎপাদিত ফচলৰ বজাৰ মূল্য  অতি নূন্যতম কৰিবলৈ বণিয়া গোষ্ঠীয়ে গ্ৰহণ কৰা হঠকাৰী স্থিতি চৰকাৰে নিয়ন্ত্ৰণ কৰাৰ দাবী জনায় ।

 সন্দিকৈয়ে কৃষক সকলক সময়মতে বিনামূলীয়াকৈ ৰবি খেতিৰ বীজ ,সাৰ , কৃষি সঁজুলি আদি যোগান ধৰাৰ লগতে জলসিঞ্চনৰ ব্যৱস্থা সহজলভ্য কৰাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰাৰ দাবী জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি আকৰ্ষণ কৰে ।

চিপিআই ( এম এল)