/asomiyapratidin/media/media_files/2025/10/26/53-2025-10-26-22-24-52.jpg)
ডিজিটেল সংবাদ, বিহালী : ৰাজ্যৰ অন্যতম ৰাজনৈতিক দল চি পি আই এম এলৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত বৰগাঙৰ নিউ কেটেলা খেলপথাৰত দেওবাৰে দলৰ প্ৰবীণ সদস্য প্ৰবোধ বৰুৱাৰ সভাপতিত্বত বিহালী সমষ্টিৰ বুথ লেভেল এজেণ্টসকলক প্ৰশিক্ষণ আৰু মত বিনিময় শিবিৰ সভা অনুষ্ঠিত হয়। সভাত দলৰ ৰাজ্যিক সম্পাদক বিবেক দাস, ৰাজ্যিক সদস্য অনন্ত হাজৰিকা,নৰোত্তম চুণ্ডী, বিশ্বনাথ জিলা সম্পাদক নাৰায়ন পৌৰেল, লিলা শৰ্মা,বাহাদুৰ কায়স্থ, মীন আচাৰ্য, প্ৰাঞ্জল কুটুমৰ লগতে বিহালী সমষ্টিৰ প্ৰায় শতাধিক ভোটকেন্দ্ৰৰ পৰা দলটোৰ বুথ লেভেল এজেন্ট কৰ্মীসকল উপস্থিত থাকে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/26/cpiml-2025-10-26-22-25-25.jpeg)
উল্লেখযোগ্য যে চিপিআই(এম-এল) দলৰ প্ৰশিক্ষণ, মত বিনিময় আৰু যোগদান সভাত অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া জ্ঞানেন্দ্ৰ চৰকাৰ , বিশিষ্ট ব্যক্তি ছাজেন ওৰাংৰ লগতে কেইবাগৰাকী ব্যক্তিয়ে আনুষ্ঠানিকভাৱে দলটো যোগদান কৰে ৷ চৰ্চা অনুসৰি যিহেতু বিহালী বিধানসভা সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষিত সেয়ে অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া জ্ঞানেন্দ্ৰ চৰকাৰে দলটোত যোগদান কৰিছে ৷
আনহাতে চিপিআই(এম-এল) দলটো সংযুক্ত বিৰোধী ঐক্য মঞ্চৰ অন্তৰ্ভূক্ত দল সেই সূত্ৰে আগত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত দলটোৱে বিৰোধী ঐক্য সংগঠনৰ সদস্য হ'লে বিহালী বিধানসভা সমষ্টিটো চিপিআই(এম-এল) দলে দাবী কৰাৰ সম্ভাৱনা অধিক ৷ সেই লক্ষ্য আগত ৰাখি চিপিআই (এম-এল) দলে বিহালীত ৰাজনৈতিক ভেঁটি সৱল কৰাত উঠি পৰি লগা দেখা গৈছে ৷
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us