/asomiyapratidin/media/media_files/2025/09/12/yhhhdd-2025-09-12-12-14-26.jpg)
ডিজিটেল ডেস্কঃ দেশৰ পঞ্চাদশ উপ ৰাষ্ট্ৰপতি হিচাপে শপত ল'লে চি পি ৰাধাকৃষ্ণণে। ৰাষ্ট্ৰপতি দৌপদ্ৰী মুৰ্মুৱে শপত বাক্য পাঠ কৰোৱালে চি পি ৰাধাকৃষ্ণণক। এই শপত গ্ৰহণ অনুষ্ঠানত এন ডি এৰ প্ৰায়সকল নেতাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী আৰু প্ৰাক্তন উপ ৰাষ্ট্ৰপতিসকল উপস্থিত থাকে।
এই শপত গ্ৰহণ অনুষ্ঠানত দেখা গ'ল প্ৰাক্তন উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়কো। উপ ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে এনেদৰে অনুষ্ঠানত দেখা গ'ল প্ৰাক্তন উপ ৰাষ্ট্ৰপতিগৰাকীক। উল্লেখ কৰা প্ৰয়োজন যে, পদত্য়াগৰ পাছতে লোকচক্ষুৰ পৰা আঁতৰি আছিল ধনখড়। প্ৰায় ৫৩দিনৰ মূৰত আছিল ৰাজহুৱা স্থানত দেখা গ'ল প্ৰাক্তন উপ ৰাষ্ট্ৰপতিগৰাকীক।
ইফালে উপ ৰাষ্ট্ৰপতি পদৰ পৰা হঠাতে পদত্যাগ কৰাক লৈ দেশৰ ৰাজনৈতিক মহলতো তীব্ৰ চৰ্চা হৈছিল। এই সকলো চৰ্চাক লৈ কোনো মত প্ৰকাশ কৰা নাছিল ধনখড়ে। উল্লেখ্য যে, শুকুৰবাৰৰ শপত গ্ৰহণ অনুষ্ঠানত গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী এছ জয়শংকৰ, শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, স্বাস্থ্য মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা।