দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণন...

প্ৰত্যাশিতভাৱেই দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’ল চিপি ৰাধাকৃষ্ণন। এন ডি এৰ সমৰ্থিত প্ৰাৰ্থীগৰাকীয়ে আজি অনুষ্ঠিত হোৱা নিৰ্বাচনত লাভ কৰে মুঠ ৪৫২ টা ভোট।

author-image
Asomiya Pratidin
New Update
দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণন...

ডিজিটেল ডেস্কঃ প্ৰত্যাশিতভাৱেই দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’ল চিপি ৰাধাকৃষ্ণন। এন ডি এৰ সমৰ্থিত প্ৰাৰ্থীগৰাকীয়ে আজি অনুষ্ঠিত হোৱা নিৰ্বাচনত লাভ কৰে মুঠ ৪৫২ টা ভোট। তেওঁৰ প্ৰতিদ্বন্দি তথা বিৰোধীৰ প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীয়ে লাভ কৰে ৩০০ টা ভোট। 

তামিলনাডুৰ বাসিন্দা চি পি ৰাধাকৃষ্ণন মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে আছে দায়িত্বত। তেওঁ উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে শাসকীয় এন ডি এৰ অংশীদাৰী দলসমূহৰ নেতৃত্বই শুভেচ্ছা জ্ঞাপন কৰিছে। 

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদান কৰিলে ৭৬৯ গৰাকী ভোটাৰে

আজি অনুষ্ঠিত হোৱা উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কংগ্ৰেছ সংসদীয় দলৰ মুৰব্বী ছোনিয়া গান্ধী, দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীকে ধৰি মুঠ ৭৬৯ গৰাকী সাংসদে ভোটদান কৰে। এই নিৰ্বাচনত ভোটদানৰ হাৰ ৯৮ শতাংশ।


সন্ধিয়া ৫ বজাত ভোটগ্ৰহণ সমাপ্ত হোৱাৰ এঘণ্টা পিছত ৬ বজাৰ পৰা ভোটগণনা আৰম্ভ হয়। এই নিৰ্বাচনত লোকসভা আৰু ৰাজ্যসভাৰ নিৰ্বাচিত সদস্যসকলৰ উপৰিও ৰাষ্ট্ৰপতিৰ দ্বাৰা মোননীত কৰা সংসদৰ সদস্যসকলেও ভোটদান কৰে। অৱশ্যে এই নিৰ্বাচনত কোনো দলেই হুইপ জাৰি কৰা নাছিল। কিয়নো নিয়ম অনুসৰিয়েই ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত কোনো দলে হুইপ জাৰি কৰিব নোৱাৰে। 


আত্মবিশ্বাসী একত্ৰিত বিৰোধী 


প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে পদত্যাগ কৰাৰ পাছতেই এই পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰস্তুতি আৰম্ভ হয়। অৱশ্যে শাসক পক্ষই নিৰ্বাচন অনুষ্ঠিত নকৰাকৈ এগৰাকী উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ লক্ষ্যৰে বিৰোধীৰ সৈতে আলোচনা কৰিছিল যদিও বিৰোধীয়ে এই নিৰ্বাচনত তেওঁলোকৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। 

সেই মতেই এন ডি এৰ ফালৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হয় মহাৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণনক। আনহাতে বিৰোধীয়ে প্ৰেক্ষপ কৰে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীক। নিৰ্বাচনত দেখা গ’ল শাসক পক্ষৰ দ্বাৰা প্ৰক্ষেপিত প্ৰাৰ্থীগৰাকীয়ে ৪৫২ টা ভোট লাভ কৰাৰ বিপৰীতে বিৰোধীৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰে ৩০০ ভোট। 


সংখ্যাৰ হিচাপত শাসক পক্ষৰ হাতত পূৰ্বৰে পৰা আছিল ৪২২ টা ভোট। বিৰোধীৰ হাতত আছিল ৩১২ টা ভোট। তাৰোপৰি ৪৮ টা ভোট এন ডি এ অথবা বিৰোধী ইণ্ডিয়া কাৰো পক্ষতে নাছিল। নিৰ্বাচনৰ অন্তত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে দাবী কৰিছিল তেওঁলোকে ৩১৫ টা ভোট লাভ কৰিব। 


কিন্তু দেখা গ’ল তেওঁলোকৰ প্ৰাৰ্থীয়ে দাবী কৰাতকৈ ১৫ টা ভোট কমকৈ লাভ কৰিলে। এতিয়া প্ৰশ্ন হয় ক’ত হেৰাল সেই ১৫ টা ভোট? গুৰুত্বপূৰ্ণ কথাটো হ’ল আজিৰ নিৰ্বাচনত ১৫ টা ভোট অবৈধ হিচাপে ঘোষণা কৰা হৈছে। দ্বিতীয় কলমেৰে ভোট দিলে এইদৰে তেওঁলোকৰ ভোট অবৈধ বুলি ধৰা হয়। পূৰ্বে ২০১১  চনত ১১ আৰু ২০২২ ত ১৫ টা ভোট এইদৰেই অবৈধ হৈছিল। 

চি পি ৰাধাকৃষ্ণন কোন?

উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা এন ডি এৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণন তামিলনাডুৰ বাসিন্দা। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৈতে জড়িত ৰাধাকৃষ্ণনে ২০২৩ চনত ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰিছিল। পৰৱৰ্তী সময়ত ২০২৪ চনৰ জুলাই মাহত তেওঁ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে দায়িত্ব গ্ৰহণ কৰে। 
অতি কম কথা কোৱা এইগৰাকী নেতাই বিতৰ্কিত বিষয়ত সহজেই নিজা মন্তব্য প্ৰকাশ নকৰে। যাৰ বাবে তেওঁ অতি বেছি চৰ্চাত নাথাকে। ১৯৯৮ চনত তেওঁ প্ৰথম কইম্বাটুৰৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈ আহিছিল আৰু পৰৱৰ্তী ১৯৯৯ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনতো একেখন আসনৰ পৰা নিৰ্বাচিত হৈছিল। 

চি পি ৰাধাকৃষ্ণন উপ ৰাষ্ট্ৰপতি