ডিজিটেল ডেস্কঃ পৃথিৱীত মাজে সময়তে বহু বিৰল তথা হাস্যকৰ দৃশ্য দেখিবলৈ পোৱা যায়। ক'ৰবাত যদি বান্দৰে পথেৰে গৈ থকা লোকৰ মোনা কাঢ়ি নিয়া পৰিলক্ষিত হয়, আন ক'ৰবাত আকৌ বন্যপ্ৰাণীয়ে কিছুমান অদ্ভূত কাম কৰা দেখা পোৱা যায়। কিন্তু এইবাৰ আই আই টিৰ শ্ৰেণীকোঠাৰ ভিতৰত সোমালগৈ এজনী গাই গৰু।
হয়। আই আই টি, বোম্বাইৰ শ্ৰেণীকোঠাৰ ভিতৰত এজনীগাই গৰু সোমাইগৈ। প্ৰফেচৰে ছাত্ৰ-ছাত্ৰীসকলক পঢ়াই থকা সময়তে গাইজনী সোমাইগৈ কোঠাটোত।আৰু ইয়াৰে এটা ভিডিঅ'ও বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
গাইজনী ক্লাছৰ ভিতৰত সোমাৱাৰ পাছতেই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সৃষ্টি হয় হুলস্থূলীয়া পৰিৱেশ। একাংশ ছাত্ৰ-ছাত্ৰী ক্লাছৰ বাহিৰত ওলাই যায় যদিও, একাংশই আকৌ ম'বাইলৰ কেমেৰাত এই সমগ্ৰ ঘটনা বন্দী কৰে। অৱশ্যে পাছত গাইজনীক ক্লাছৰ বাহিৰলৈ খেদি পঠিয়ায়।
Cow entering IIT BOMBAY without clearing JEE Advanced?? 🐄🐄🐄. A cow entering an IIT Bombay classroom 😂 pic.twitter.com/i7taJ2TPOd
— Mayur Borkar (@imayurborkar) July 29, 2019
ইফালে, ছাত্ৰ-ছাত্ৰীসকলে মন্তব্য কৰে যে, ছাৰেপঢ়াই থকা সময়ত বাহিৰত ধাৰাসাৰ বৃষ্টিপাত হৈ আছিল। আৰু বৰষুণৰ পৰা ৰক্ষা পাবলৈয়েচাগৈ গাইজনী আমাৰ ক্লাছৰ ভিতৰত সোমাই আহিল। আনহাতে, একাংশই আকৌ এই ভিডিঅ'টো বহুহাস্যকৰ কমেন্টো কৰিছে।
উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে আই আই টি,বোম্বাইত সোমাইছিল এটা নাহৰফুটুকী। বৰষুণৰ পৰা ৰক্ষা পাবলৈ এই নাহৰফুটুকীটোসোমাইছিলগৈ শিক্ষানুষ্ঠানখনৰ ভিতৰত। পাছত এই বিষয়ে বন বিভাগক জনোৱাৰ পাছত বনবিভাগে নাহৰফুটুকীটোক উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ লৈ যায়।