/asomiyapratidin/media/media_files/2025/12/24/518-2025-12-24-13-20-14.jpg)
ডিজিটেল সংবাদ, চামগুৰি : ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ অবাধ সৰবৰাহ। তাৰ মাজতেই চামগুৰি আৰক্ষীৰ জালত পৰিছে দুখন চোৰাং গৰুভৰ্তি বাহন।
চামগুৰি ৰঙাগড়াৰ পৰা জব্দ কৰে বাহনদুখন। আৰক্ষীয়ে বাহন দুখনত ৫৮ টা গৰু উদ্ধাৰ কৰে। বাহন দুখনৰ পৰা এখন বাহনৰ চালকক আটক কৰে যদিও আন এজন চালকে পলায়ন কৰে। আটক কৰা চালকজন হৈছে হাচেন আলী।
গৰু সৰবৰাহৰ লগত জড়িত থকাৰ সন্দেহত লখিমপুৰৰ জনৈক অমৰ গগৈ আৰু চামগুৰিৰ জনৈক মক্তুল নামৰ ব্যক্তি দুজনক আটক আৰক্ষীৰ। জব্দ কৰা বাহনদুখনৰ পঞ্জীয়ন নম্বৰ ক্ৰমে AS-25-EC-3493 আৰু AS-23 C-5148। গৰুসমূহ জব্দ কৰি আৰক্ষীয়ে গো শালালৈ প্ৰেৰণ কৰে।
পৰ্বতঝোৰাতো গো- ধন উদ্ধাৰ :
- পৰ্বতঝোৰাত বিলাসী বাহনসহ চোৰাং গো-ধন জব্দ।
- গো-ধন চুৰি কৰি সৰবৰাহৰ কৰতে দুৰ্ঘটনাগ্ৰস্ত বিলাসী বাহন।
- তীব্ৰবেগী গৰু ভৰ্তি বিলাসী বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই বগৰীবাৰীত বিদ্যুৎৰ খুঁটাত খুন্দা।
- ঘটনাস্থলীত বগৰীবাৰী আৰক্ষী উপস্থিতহৈ দুৰ্ঘটনাগ্ৰস্ত বাহন খনৰ পৰা দুটা গো-ধন উদ্ধাৰ ।
- দুৰ্ঘটনা সংঘটিত কৰিয়েই বাহন এৰি পলায়ন কৰে চালক আৰু গৰু চোৰ।
- গৰু চুৰিত ব্যবহিত বিলাসী বাহনখন হল AS-01-EL-2718 Mahindra XUV 300
- বগৰীবাৰী আৰক্ষীয়ে বাহনসহ গো-ধন দুটা জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us