গহপুৰত গৰু চোৰৰ সন্ত্ৰাসঃ ব্যৰ্থ গহপুৰ আৰক্ষী

একাংশ স্থানীয় বাসিন্দাই এখন ব'লেৰো পিক আপ বাহনত গৰু চোৰে গৰু নিয়াৰ দৃশ্য প্ৰত্যক্ষ কৰে।ধৃত চোৰকেইটাক বাধা দিবলৈ চেষ্টা কৰা এজন লোককো চোৰে বাহনেৰে মহতিয়াবলৈ চেষ্টা কৰে যদিও লোকজনে নিজকে বচাবলৈ সক্ষম হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ গহপুৰঃ গহপুৰত বৰ্তমানেও অব্যাহত আছৰ গৰু চুৰিৰ কাণ্ড।গহপুৰ সমজিলাৰ পুৱ প্ৰান্তৰ ককিলাগুৰিত যোৱা নিশা দুটাকৈ পৰিয়ালৰ গোহালীৰ পৰা চাৰিটাকৈ গৰু লৈ উধাও হয় চোৰ।

১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে থকা ককিলাগুৰি ৰঙ্গমঞ্চৰ সমীপৰ লক্ষী গগৈৰ গোহালীৰ পৰা চোৰে পোৱালী সহ এজনী জাৰ্চি গাই চুৰি কৰি নিয়ে। আনফালে লক্ষী গগৈৰ ঘৰৰ পৰা কিছু দূৰৈৰ বুদুৰাম বৰাৰ গোহালীৰ পৰাও এজনী গাভিনী গাই সহ এটা দমৰা পোৱালী চোৰে লৈ যায়।

উল্লেখ্য যে একাংশ স্থানীয় বাসিন্দাই এখন ব'লেৰো পিক আপ বাহনত গৰু চোৰে গৰু নিয়াৰ দৃশ্য প্ৰত্যক্ষ কৰে।ধৃত চোৰকেইটাক বাধা দিবলৈ চেষ্টা কৰা এজন লোককো চোৰে বাহনেৰে মহতিয়াবলৈ চেষ্টা কৰে যদিও লোকজনে নিজকে বচাবলৈ সক্ষম হয়।

ধৃত চোৰকেইটাই ককিলাগুৰি প্ৰাথমিক বিদ্যালয়ৰ চৌহদত গৰু গাড়ীত উঠোৱা বুলি অনুমান কৰিছে ৰাইজে।কাৰণ গৰু চোৰে চুৰি কৰি নিয়া অন্য পাঁচটাকৈ গৰু প্ৰাথমিক বিদ্যালয়ৰ চৌহদত বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰে ৰাইজে।

চুৰি গৰু কেইটাৰ গৰাকী লক্ষী গগৈ আৰু বুদুৰাম বৰাই ইতিমধ্যে গহপুৰ আৰক্ষী থানাত এজাহাৰ দাখিলৰ ব্যৱস্থা গ্ৰহণ কৰিছে।গহপুৰত ধাৰাবাহিক ভাৱে গৰু চুৰি কাৰ্য সংঘটিত হৈ আছে যদিও গহপুৰ আৰক্ষীয়ে বৰ্তমানলৈকে গৰু চোৰক ধৰিবলৈ  সক্ষম হোৱা নাই।

গৰু চোৰ গহপুৰ