মথুৰাপুৰত আটক গৰু চোৰ...

ৰাজ্যৰ ভিন্ন প্ৰান্তত বৃদ্ধি গৰু চোৰৰ উপদ্ৰৱ। নিতৌ ন ন কৌশলৰে সংঘটিত হৈছে চুৰিকাৰ্য।

author-image
Asomiya Pratidin
New Update
5

ডিজিটেল সংবাদ,মথুৰাপুৰঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত বৃদ্ধি গৰু চোৰৰ উপদ্ৰৱ। নিতৌ ন ন কৌশলৰে সংঘটিত হৈছে চুৰিকাৰ্য। চৰাইদেউ জিলাৰ মথুৰাপুৰতো দিনক দিনে বৃদ্ধি পাইছে গৰু চুৰি চক্ৰৰ উপদ্ৰৱ। ইপিনে বহুদিনৰ পৰা এটা গৰু চোৰ চক্ৰই আতংকৰ সৃষ্টি কৰি আহিছিল সমগ্ৰ অঞ্চলটোত। 

WhatsApp Image 2026-02-24 at 2.15.34 PM

কিন্তু সোমবাৰে সন্ধিয়া  মাজগাঁৱৰ এঘৰ লোকৰ বাৰীৰ পিচফালে বান্ধি থোৱা অৱস্থাত ৰাইজে তিনিটাকৈ চোৰক কৰায়ত্ত কৰি আৰক্ষী চমজাই দিয়ে ৷ ধৃত চোৰ কেইটা ক্ৰমে- মথুৰাপুৰ মাজগাঁও আব্দুল মালিক, খলিল আলি আৰু আফতাৰ আলি বুলি জানিব পৰা গৈছে ৷ বৰ্তমান আৰক্ষীয়ে চুৰ কেইটাক সোধাপোছা অব্যাহত ৰাখিছে ৷

মথুৰাপুৰ