লকডাউনৰ সময়সীমা বৃদ্ধি হব নেকি? মাস্ক পিন্ধি মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰীৰ বৈঠক…LIVE UPDATES

লকডাউনৰ সময়সীমা বৃদ্ধি হব নেকি? মাস্ক পিন্ধি মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰীৰ বৈঠক…LIVE UPDATES

author-image
asomiyapratidin
New Update
লকডাউনৰ সময়সীমা বৃদ্ধি হব নেকি? মাস্ক পিন্ধি মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰীৰ বৈঠক…LIVE UPDATES

সময় ২.০০ বজাঃ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়েও লকডাউন বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰীক কৰিলে আহ্বান।

Advertisment

সময় ১.৫০ মিনিটঃ লকডাউনক লৈ বংগৰ মুখ্যমন্ত্ৰী মমৰ্ত বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰীক কয়, লকডাউন বৃদ্ধি কৰিব লাগে কিন্তু মানৱীয় দৃষ্টিভংগীৰে কিছু বিবেচনা কৰাৰ প্ৰয়োজন। বংগত কোৰোনা আক্ৰান্ত হব পৰা সকলো স্থান/অঞ্চল ছীলড কৰা হৈছে। কোৰোনাৰ সৈতে যুুজিঁবলৈ কেন্দ্ৰৰ পৰা আৰ্থিক পেকেজ বিচাৰিলে মমতাই।

সময় ১.০০ বজাতঃ প্ৰধানমন্ত্ৰীৰে হোৱা বৈঠকত পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ আহ্বান। উদ্যোগ আৰু কৃষি খণ্ডক ৰেহাই প্ৰদান কৰি বৃদ্ধি কৰা হওক দেশৰ লকডাউনৰ সময়সীমা।

সময় ১২.২০ বজাতঃ বৈঠকত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দেশত লকডাউনৰ সময়সীমা অহা ৩০ এপ্ৰিলৰ লৈকে বৃদ্ধি কৰাৰ বাবে প্ৰধানমন্ত্ৰীক অনৰোধ।

সময় ১১.৪৪ বজাঃ মাস্ক পিন্ধি ৰাজস্থান, কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰে বাৰ্তালাপ মোডীৰ।

সময় ১১.৪৩ বজাঃ মুখত ৰুমাল বান্ধি বৈঠকত অংশ ললে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

সময় ১১. ৩৭ বজাঃ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোডীৰ।

সময় ১১.৩৫ বজাঃ প্ৰধানমন্ত্ৰীয়ে নিজে মাস্কৰ পৰিধান কৰাৰ লগতে সকলো মুখ্যমন্ত্ৰীকে মাস্ক পৰিধান কৰিবলৈ অনৰোধ।

সময় ১১.৩০ বজাঃ ভিডিঅ কনফাৰেন্সিং যোগে হ'ব এই বৈঠক। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে দেশবাসীক সম্বোধন কৰাৰ সম্ভাৱনা

সময় ১১.২৬ বজাঃ আৰম্ভ হৈছে দেশৰ সকলো মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক।