/asomiyapratidin/media/media_files/2025/09/25/1-2025-09-25-22-37-36.jpg)
ডিজিটেল সংবাদ,ওদালগুৰিঃ ২২ চেপ্তেম্বৰত অনুষ্ঠিত হৈ যায় পঞ্চম বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া। ওদালগুৰি জিলাখনৰ ১০ টাকৈ পৰিষদীয় সমষ্টি ক্ৰমে ৩১ নম্বৰ খৈৰাবাৰী, ৩২ নম্বৰ ভেৰগাও, ৩৩ নম্বৰ নোনাই ছেৰফাং, ৩৪ নম্বৰ খালিংদুৱাৰ, ৩৫ নম্বৰ মুদৈবড়ী, ৩৬ নম্বৰ হৰিশিঙা, ৩৭ নম্বৰ ধনশ্ৰী, ৩৮ নম্বৰ ভৈৰৱকুণ্ড, ৩৯ নম্বৰ পাচনৈ ছেৰফাং আৰু ৪০ নম্বৰ ৰৌতা পৰিষদীয় সমষ্টিত এইবাৰ মুঠ ৬৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।
জিলাখনৰ ১০ টা পৰিষদীয় সমষ্টিৰ ভিতৰত বিপিএফ আৰু ইউপিপিএলে আটাইকেইটা সমষ্টিত প্ৰাৰ্থী প্ৰদান কৰাৰ বিপৰীতে সাতটা সমষ্টিত প্ৰাৰ্থী প্ৰদান কৰিছে বিজেপিয়ে। উক্ত সাতোটা সমষ্টিতে বিজেপিৰ প্ৰাৰ্থীসকলে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাটো প্ৰায় নিশ্চিত হোৱাৰ সমান্তৰালভাৱে আন কেইৱাটাও সমষ্টিত বিজেপি-বিপিএফ-ইউপিপিএলৰ মাজত চলিব যুঁজ।
কেইৱাটাও সমষ্টিত এইবাৰ ত্ৰিকোণীয়া যুজৰো সম্ভাৱনা দেখা গৈছে। ইয়াৰোপৰি জিলাখনৰ কেইৱাটাও সমষ্টিত অন্যান্ন দল তথা নিৰ্দলীয় প্ৰাৰ্থীসকলে আন দলীয় প্ৰাৰ্থীৰ অংকত আউল লগোৱাৰ সম্ভাৱনা আছে।
সেই অনুসৰি ৩১ নম্বৰ খৈৰাবাৰী সমষ্টিত বিপিএফৰ প্ৰাৰ্থী লৌমশ্ৰাও দৈমাৰী আৰু ইউপিপিএল প্ৰাৰ্থী ধৰণী বড়োৰ লগতে বিজেপিৰ মদন চন্দ্ৰ ৰাভাৰ মাজত ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ বিপৰীতে ৩২ নম্বৰ ভেৰগাওঁ সমষ্টিত বিজেপি প্ৰাৰ্থী জৌশ্ৰাং বড়ো আৰু ইউপিপিএলৰ দাওবাইছা বড়োৰ মাজত প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে।
একেদৰে ৩৩ নম্বৰ নোনাই ছেৰফাং সমষ্টিত বিজেপি প্ৰাৰ্থী সঞ্জিৎ তাতীঁ আৰু বিপিএফৰ পল তপ্পৰ মাজত প্ৰতিদ্বন্দ্বিতাৰ সম্ভাৱনা আছে যদিও সমষ্টিটোৰ তৃণমূল কংগ্ৰেছ দলৰ প্ৰাৰ্থী বিজয় বৈশ্যই কিছু প্ৰভাৱ পেলাব পাৰে বুলি অনুমান কৰা হৈছে। ৩৪ খালিংদুৱাৰ সমষ্টিত বিজেপিৰ অৰ্জুন দৈমাৰী বনাম বিপিএফৰ বনজাৰ দৈমাৰীৰ মাজত প্ৰতিদ্বন্দ্বিতাৰ সম্ভাৱনা আছে যদিও সমষ্টিটোৰ ইউপিপিএল দলৰ প্ৰাৰ্থী ৰবীন্দ্ৰ বড়োৱেও কিছু প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে।
৩৫ নম্বৰ মুদৈবড়ী সমষ্টিত বিজেপি প্ৰাৰ্থী দিগন্ত বৰুৱা আৰু বিপিএফ প্ৰাৰ্থী জগদ্বীশ সৰকাৰৰ মাজত যুজখন হোৱাৰ সম্ভাৱনা আছে যদিও সমষ্টিটোৰ ইউপিপিএল প্ৰাৰ্থী ৰমেশ হাজৰিকাই বিজেপিৰ ভোট বিভাজন কৰি বিপিএফৰ প্ৰাৰ্থীগৰাকীক সহায় কৰিব বুলি চৰ্চা অব্যাহত আছে। ৩৬ নম্বৰ হৰিশিঙা সমষ্টিত বিপিএফৰ ত্ৰিদীপ দৈমাৰী, ইউপিপিএলৰ সঞ্জয় স্বৰ্গীয়াৰী মাজত তীব্ৰ যুঁজ হোৱাৰ সম্ভাৱনা দেখা গৈছে।
৩৭ নম্বৰ ধনশ্ৰী পৰিষদীয় সমষ্টিত বিপিএফৰ ফ্ৰেছ মোছাহাৰী আৰু ইউপিপিএলৰ ৰুজুগৌৰা মোছাহাৰীৰ মাজত যুঁজ হোৱাৰ সম্ভাৱনা আছে। ৩৮ নম্বৰ ভৈৰৱকুণ্ড সমষ্টিত বিজেপিৰ মিনন মছাহাৰী, বিপিএফৰ ৰিহন দৈমাৰী আৰু ইউপিপিএল দলৰ গোবিন্দ বসুমতাৰীৰ মাজত তিনিকোণীয়া যুঁজ হোৱাৰ সম্ভাৱনা আছে যদিও বিজেপিৰ প্ৰাৰ্থী মিনন মছাহাৰীয়ে সমষ্টিটোৰ অধিক পৰিমাণৰ অজনজাতীয় ভোট নিজৰফালে আনিবলৈ সক্ষম হ'লে সমষ্টিটোত অংক সলনি হৈ বিজেপিৰ বাবে সহজ হব বুলি অনুমান কৰা হৈছে।
৩৯ নম্বৰ পাচনৈ ছেৰফাং সমষ্টিত বিপিএফৰ শ্যাম চুণ্ডী আৰু বিজেপিৰ দীপক মৌৰৰ মাজত তীব্ৰ যুঁজ হোৱাৰ সম্ভাৱনা দেখা গৈছে যদিও সমষ্টিটোত চাহ জনগোষ্ঠীৰ ৰাইজৰ ভোটৰ ওপৰতহে দুয়োগৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব। আনহাতে ৪০ নম্বৰ ৰৌতা সমষ্টিত বিপিএফৰ চৰণ বড়ো, ইউপিপিএলৰ ড৹ নিলুট স্বৰ্গীয়াৰীৰ মাজত মূল যুঁজখন চলাৰ সম্ভাৱনা দেখা গৈছে।
উল্লেখ্য যে জিলাখনৰ ১০ পৰিষদীয় সমষ্টিত ভোটদানৰ হাৰ হৈছে ৭৫.১৭ শতাংশ। সেই অনুসৰি ৩১ নম্বৰ খৈৰাবাৰী পৰিষদীয় সমষ্টিত ৭৫.৭১ শতাংশ, ৩২ নম্বৰ ভেৰগাও সমষ্টিত ৭৭.০৯ শতাংশ, ৩৩ নম্বৰ নোনাই ছেৰফাং সমষ্টিত ৭৫.২৩ শতাংশ, ৩৪ নম্বৰ খালিং দুৱাৰ সমষ্টিত ৭২.৬৯ শতাংশ, ৩৫ নম্বৰ মুদৈবড়ী সমষ্টিত ৭৬.৩৭ শতাংশ, ৩৬ হৰিশিঙা সমষ্টিত ৭৬.৩৪ শতাংশ, ৩৭ নম্বৰ ধনশ্ৰী সমষ্টিত ৭৭.৮০ শতাংশ, ৩৮ নম্বৰ ভৈৰৱকুণ্ড সমষ্টিত ৭১.০১ শতাংশ, ৩৮ নম্বৰ পাঁচনৈ ছেৰফাং সমষ্টিত ৭৩.৬৩ শতাংশ আৰু ৪০ নম্বৰ ৰৌতা পৰিষদীয় সমষ্টিত ৭৫.৮০ শতাংশ ভোটদান সম্পন্ন হৈছে।
ইফালে ভোটগণনা উপলক্ষে ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ত থকা ষ্ট্ৰং ৰুমক কটকটীয়া নিৰাপত্তাৰ মাজত ৰখাৰ সমান্তৰালভাৱে প্ৰতিটো ৰাজনৈতিক দলৰ এজেণ্টসমূহে ইয়াক প্ৰতিমূহুৰ্তত নিৰীক্ষণ কৰি আছে। উল্লেখ্য যে কালি পুৱা ৮ বজাৰ পৰা আৰম্ভ হবলগীয়া ভোটগণনাৰ বাবে ওদালগুৰি জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হোৱাৰ কথা প্ৰকাশ কৰি জিলা আয়ুক্ত পুলক পাটগিৰিয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰি কয় যে ওদালগুৰি ১০টা পৰিষদীয় সমষ্টিৰ বাবে পৃথকে পৃথকে দহটা কক্ষৰ ব্যৱস্থা কৰা হৈছে।
উক্ত দহোটা কক্ষত মুঠ ৯৪ খন টেবুল থাকিব। কম ভোটকেন্দ্ৰ থকা সমষ্টিৰ বাবে কম টেবুল আৰু বেছি ভোটকেন্দ্ৰ থকা সমষ্টিৰ বাবে বেছি টেবুলৰ ব্যৱস্থা কৰা বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিছে। ইয়াৰে প্ৰতিখন টেবুলতে এগৰাকী মাইক্ৰ অবজাৰভাৰ, এগৰাকী ছুপাৰভাইজাৰ আৰু এগৰাকীকৈ কাউণ্টিং এছিচটেণ্ট থাকিব।
আনহাতে এআৰঅ' টেবুলৰ এগৰাকী অবজাৰভাৰ আৰু এগৰাকী মাইক্ৰ অবজাৰভাৰ থকাৰ কথাও উল্লেখ কৰে। ইতিমধ্যে এইসকল লোকক প্ৰশিক্ষণ দিয়াৰ কাম সম্পূৰ্ণ হোৱা বুলি উল্লেখ কৰি সকলোকে সাজু কৰা হৈছে বুলিও উল্লেখ কৰে। প্ৰায় ১২ টা ৰাউণ্ডৰ ভিতৰত গণনা শেষ কৰি কালি নিশাৰ ভিতৰতে ভোটগণনা শেষ কৰা হব বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে।