২২ ছেপ্টেম্বৰৰ পৰা দেশত প্রযোজ্য হ’ব নতুন GST...

দেশত ৪ তৰপীয়া GST ব্যৱস্থাৰ বিলুপ্তি ঘটাই দুই তৰপীয়া ব্যৱস্থা ৫%, ১৮% GST থাকিব বুলি বৈঠকত উল্লেখ কৰিছে। অৰ্থাত এতিয়াৰে পৰা নাথাকিব ১২, ২৮% GST।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ ২২ ছেপ্টেম্বৰৰ পৰা দেশত প্রযোজ্য হ’ব নতুন GST। বুধবাৰে নতুন দিল্লীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ নেতৃত্বত ৫৬ সংখ্যক জি এছ টি কাউন্সিলৰ বৈঠক অনুষ্ঠিত হয়। দুদিন ধৰি চলিব লগীয়া আজিৰ বৈঠকত নতুন GST ৰ হাৰ প্রণয়নত অনুমোদন জনাই কৰ পৰিষদে।

অধিসূচনা জাৰি হ’লেই নতুন GST বলৱৎ‍ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, দেশত ৪ তৰপীয়া GST ব্যৱস্থাৰ বিলুপ্তি ঘটাই দুই তৰপীয়া ব্যৱস্থা ৫%, ১৮% GST থাকিব বুলি বৈঠকত উল্লেখ কৰিছে। অৰ্থাত এতিয়াৰে পৰা নাথাকিব ১২, ২৮% GST।

উল্লেখ্য যে, ইয়াৰ ফলত বহু সামগ্রী যেনে দামী কাপোৰ আৰু জোতাৰ মূল্য হ্ৰাস পাব। এতিয়া সেই সামগ্ৰীৰ দাম যদি ২৫০০ টকালৈ হয়, তেন্তে তাৰ ওপৰত কেৱল ৫ শতাংশ কৰ লাগিব। আনহাতে, অতি বিলাসী বাহনত ৪০% GST আৰোপৰ পোষকতা কৰিছে পৰিষদে। অৱশ্যে এতিয়ালৈ এই সন্দৰ্ভত চৰকাৰ বা GST পৰিষদে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই। 

জি এছ টি পৰিষদ জি এছ টি