/asomiyapratidin/media/media_files/2025/11/29/whatsapp-image-2-2025-11-29-20-02-57.jpeg)
ডিজিটেল ডেস্কঃ হংকঙত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত ১২৮ জন লোকৰ মৃত্যু হোৱাৰ পিছত সমগ্ৰ চহৰখনত শোকৰ ছাঁ পৰিছে। এই ভয়াৱহ অগ্নিকাণ্ডৰ কাৰণ সম্পৰ্কে বিভিন্ন জল্পনা-কল্পনা চলি থকাৰ মাজতে, এতিয়া এই অগ্নিকাণ্ডৰ আৰম্ভণি চিগৰেটৰ জুইৰ ফিৰিঙতিৰ পৰা হৈছিল বুলি একাংশই সন্দেহ কৰিছে।
প্ৰাৰম্ভিক তদন্ত আৰু স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, এই বিশাল অগ্নিকাণ্ডৰ কাৰণ হিচাপে চিগৰেট বা নিৰাপত্তা ব্যৱস্থাৰ ত্ৰুতিক সন্দেহ কৰা হৈছে। অগ্নিকাণ্ড আৰম্ভ হোৱাৰ কিছু সময়ৰ পূৰ্বৰ বুলি ধাৰণা কৰা একভাইৰেল ভিডিঅ' এতিয়া সামাজিক মাধ্যমত প্ৰকাশ পাইছে।
এই ভিডিঅ'টোৱে হয়তো চিগৰেটৰ পৰা জুইৰ আৰম্ভণি হোৱাৰ দিশলৈ ইংগিত দিছে, যাৰ ফলত কৰ্তৃপক্ষই এই দিশতো তদন্ত কেন্দ্ৰীভূত কৰিছে। এই দুৰ্ঘটনাত ১২৮ জন লোকৰ মৃত্যুৰ ঘটনাই হংকঙৰ ইতিহাসৰ আটাইতকৈ ভয়াৱহ অগ্নিকাণ্ডসমূহৰ ভিতৰত অন্যতম বুলি অভিহিত কৰিছে।
উল্লেখ্য যে, হংকং আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে বৰ্তমান ঘটনাটোৰ উচিত তদন্ত অব্যাহত ৰাখিছে। তদন্তকাৰীসকলে জুইৰ ফিৰিঙতিৰ উৎপত্তিৰ সঠিক স্থান আৰু প্ৰকৃত কাৰণ নিৰ্ণয় কৰিবলৈ ভাইৰেল ভিডিঅ' আৰু আন তথ্যসমূহ বিশ্লেষণ কৰি আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us