লোকনিৰ্মাণ বিভাগৰ কোটি কোটি টকাৰ আঁচনি ৰূপায়ণৰ নামত বিয়াগোম দুৰ্নীতি

অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ কোটি কোটি টকাৰ আঁচনি ৰূপায়ণৰ নামত বিয়াগোম দুৰ্নীতিৰ ভুস্বৰ্গত পৰিণত হৈছে তেজপুৰ। এনে সময়তে তেজপুৰ-নদুৱাৰ-ৰঙাপৰা ক্ষেত্ৰীয় পথ সংমণ্ডলৰ দুৰ্নীতিপৰায়ণ বিষয়া-অভিযন্তাৰে মিলি বিভাগীয় ঠিকাদাৰে নিম্ন মানৰ সামগ্ৰীৰে পথ নিৰ্মানৰ নামত কোটি-কোটি টকা লুণ্ঠনৰ ভয়ংকৰ জাল পেলাইছে।

author-image
Asomiya Pratidin
New Update
AP FOR WEB tezpur durniti

ডিজিটেল সংবাদ,তেজপুৰ : অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ কোটি কোটি টকাৰ আঁচনি ৰূপায়ণৰ নামত বিয়াগোম দুৰ্নীতিৰ ভুস্বৰ্গত পৰিণত হৈছে তেজপুৰ। এনে সময়তে তেজপুৰ-নদুৱাৰ-ৰঙাপৰা ক্ষেত্ৰীয় পথ সংমণ্ডলৰ দুৰ্নীতিপৰায়ণ বিষয়া-অভিযন্তাৰে মিলি বিভাগীয় ঠিকাদাৰে নিম্ন মানৰ সামগ্ৰীৰে পথ নিৰ্মানৰ নামত কোটি-কোটি টকা লুণ্ঠনৰ ভয়ংকৰ জাল পেলাইছে।

এইক্ষেত্ৰত তেজপুৰৰ মিলনপুৰ কমাৰি চুবুৰীৰ পৰা খোলাকুটিসংযোগী পথ নিৰ্মাণ কৰাৰ নামত চৰম দুনীতি হোৱাৰ তথ্য পোহৰলৈ আহিছে। আনহাতে  লোকনিৰ্মাণ বিভাগৰ ঠিকাদাৰ,অভিযন্তাই সংঘটিত কৰা দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে আজি ৰাজপথলৈ ওলাই আহে স্থানীয় ৰাইজ। অভিযোগ মতে চিমেণ্ট আৰু বালিৰ ওপৰত কোনো ব্লেক টপিং নকৰাকৈ পথ নিৰ্মাণ কৰাৰ পিছতে ক্ষুদ্ধ হৈ পৰা ৰাইজ ওলাই আহি এই দুনীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ পিছতে কাম বন্ধ কৰিবলৈ বাধ্য হয়।

উল্লেখ্য যে মিলনপুৰ কমাৰি চুবুৰিৰ পৰা খোলাকুটি সংযোগী পথ নিৰ্মাণ কৰাৰ বাবে বাবুল দেৱনাথ নামৰ এজন ঠিকাদাৰে প্ৰায় দুই কোটি টকাৰ ঠিকা লাভ কৰিছিল। কিন্ত বিভাগীয় প্ৰাককলন উলংঘা কৰি অভিযন্তাৰে মিলি ঠিকাদাৰ বাবুল দেৱনাথে পথটো নিৰ্মাণ কৰে।

এই কাৰ্যত ক্ষুদ্ধ হৈ পৰা ৰাইজৰ স্পষ্ট কথা লোকনিৰ্মাণ বিভাগৰ এটা পথ সঠিকভাৱে যিদৰে নিৰ্মান কৰিব লাগে তেনেদৰে নিৰ্মান নকৰিলে ৰাইজে জধেমধে পথৰ কাম কৰিবলৈ নিদিয়ে। ইফালে চৰম -দুৰ্নীতি লুণ্ঠনৰে নিৰ্মিত পথটো চাবলৈ বিভাগৰ ফালৰ পৰা কোনো লোক নহা বুলিও ৰাইজে অভিযোগ কৰে। এইক্ষেত্ৰত পথ নিৰ্মাণত সংঘটিত দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে অতিশীঘ্ৰে এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে।

লোকনিৰ্মাণ বিভাগ অসম লোকনিৰ্মাণ বিভাগ