/asomiyapratidin/media/media_files/2025/12/05/405-2025-12-05-08-23-53.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : সমগ্ৰ ৰাজ্যত চৰ্চিত হোৱা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ দীৰ্ঘদিন ধৰি তথা বিগত বছৰসমূহত হোৱা দুৰ্নীতি, অনিয়মৰ তদন্তৰ বাবে ২ নৱেম্বৰত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুযায়ী নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ তৎপৰতাত তথা বিশিষ্ট সাংবাদিক তথা নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ড৹ সমুদ্ৰ গুপ্ত কাশ্যপৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাত ৬ জনীয়া বিশেষ তদন্ত সমিতি গঠন কৰা হৈছিল।
উক্ত সভাত এই সমিতিখনে (২ নৱেম্বৰৰ পৰা) আগন্তুক ৬ মাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। বিগত দিনত হোৱা বিত্তীয় খেলি-মেলি, সোণ ৰূপৰ কেলেংকাৰী আৰু অসাংবিধানিক কাৰ্যকলাপৰ তদন্তৰ বাবে গঠিত সমিতিয়ে বৃহস্পতিবাৰে দ্বায়িত্বভাৰ গ্ৰহণ কৰি প্ৰথমখন বৈঠক অনুষ্ঠিত কৰে। নগাঁও জিলা আয়ুক্তৰ সভাকক্ষত অনুষ্ঠিত সভাই নতুনকৈ গঠন হোৱা বটদ্ৰৱা থান পৰিচালনা সমিতিক আগন্তুক ১৫ দিনৰ ভিতৰত প্ৰয়োজনীয় নথি-পত্ৰ যোগান ধৰিবলৈ অনুৰোধ জনাই প্ৰস্তাৱ গ্ৰহণ কৰে।
বৈঠকত সৰ্বসন্মতিক্ৰমে নগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত সুদীপ নাথক তদন্ত সমিতিৰ সভাপতি আৰু অতুল মহন্তক সদস্য সচিব হিচাপে দ্বায়িত্বভাৰ অৰ্পন কৰাৰ লগতে তদন্ত কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰিবলৈ অসম চৰকাৰৰ বিত্ত আৰু স্থানীয় হিচাপ পৰীক্ষণ সঞ্চালকালয়ৰ অধীনৰ নগাঁও জিলা কাৰ্য্যালয়ৰ দুগৰাকী জ্যেষ্ঠ হিচাপ পৰীক্ষক আৰু জিলা আয়ুক্ত কাৰ্য্যালয়ৰ দুগৰাকী কৰ্মচাৰীক সহায়ক হিচাপে অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰোপৰি বটদ্ৰৱা থান পৰিচালনা সমিতিৰ বৰ্তমানৰ সাধাৰণ সম্পাদক লাচিত বৰদলৈক পদেন সদস্য হিচাপে অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
লগতে তদন্তৰ কাম-কাজ সম্পন্ন কৰিবলৈ বটদ্ৰৱা থান চৌহদৰ ভিতৰত থকা এটা আছুতীয়া কোঠা বিচাৰি অনুৰোধ কৰা হয়। ১৪ দিনৰ ভিতৰত থান পৰিচালনা সমিতিৰ পৰা তদন্ত সমিতিৰ স্থানীয় সদস্যসকলে প্ৰয়োজনীয় নথি-পত্ৰ গ্ৰহণ কৰাৰ পাছত তদন্ত সমিতি পুনৰ মিলিত হ'ব বুলি জানিবলৈ দিয়ে।
গাম্ভীৰ্যপূৰ্ণ সভাখনত তদন্ত সমিতিৰ সভাপতি তথা নগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত সুদীপ নাথ, সদস্য সচিব অতুল মহন্ত, ডা০ প্ৰদীপ কুমাৰ দেৱ মহন্ত, তুৱাৰাম বৰুৱা, নৱ বৰা, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহকাৰী সম্পাদক সন্দীপ কলিতা, নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ বিত্ত আৰু গাণনিক বিষয়া হিমাংশু শইকীয়া উপস্থিত থাকে। উল্লেখ্য যে, গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা বটদ্ৰৱা থানৰ পৰিচালনা সমিতি সম্বন্ধীয় বিতৰ্কই বিগত বছৰ ধৰি সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছিল।
সমান্তৰালকৈ পৰিচালনা সমিতিৰ বিতৰ্কই মহামান্য উচ্চতম ন্যায়ালয় পৰ্যায় লৈ গতি কৰিছিল। ২০২৪ বৰ্ষৰ ৯ জুনত অনুষ্ঠিত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ দ্বি-বার্ষিক সাধাৰণ সভাত পূৰ্বৰ সমিতিখনৰ দিনত সংঘটিত দুৰ্নীতি- অনিয়ম , বিত্তীয় খেলিমেলি আৰু বিভিন্ন অভিযোগত উক্ত সমিতিখনৰ ওপৰত অনাস্থা প্রস্তাৱ সর্বসম্মতি ক্রমে গৃহীত কৰি সমিতিখন ভংগ কৰা হৈছিল। স্থানীয় ৰাইজ, ভকত বৈষ্ণৱ, আজীৱন সদস্য আৰু সত্ৰীয়া সদস্যৰ উপস্থিতিত এখন তদৰ্থ(অস্থায়ী) থান পৰিচালনা সমিতি গঠন কৰি থানৰ নিত্য নৈমত্তিক কাম কাজ লগতে প্রশাসনিককে ধৰি সকলো কাম কাজ পৰিচালনাৰ দায়িত্ব অর্পণ কৰা হৈছিল।
পাছত নতুন সমিতিয়ে পূৰ্বৰ সমিতিখনলৈ সকলো নথি- পত্ৰ আৰু চাবি-কাঠি বিচাৰি পত্ৰ প্ৰেৰণ কৰিছিল। কিন্ত বিতৰ্কিত পুৰণি সমিতিয়ে সামগ্রী সমূহ নিয়মমতে চমজি নিদি নগাঁও আদালতৰ পৰা এক একপক্ষীয় নিষেধাজ্ঞা জাৰি কৰাৰ পাছত বিষয়টো উচ্চ ন্যায়ালয়, উচ্চতম ন্যায়ালয়লৈকে লৈ গৈছিল।
অৱশেষত আদালতৰ নিৰ্দেশনা অনুযায়ী নগাঁও জিলাৰ নৱনিযুক্ত আয়ুক্ত দেৱাশীষ শৰ্মাৰ তৎপৰতাত উক্ত বিতৰ্কিত বিষয়টোৰ অৱসানৰ ঘটাই, যোৱা ২ নৱেম্বৰত অনুষ্ঠিত সাধাৰণ সভাত সভাতেই আগন্তুক তিনিবছৰৰ বাবে বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱ গোস্বামীক সভাপতি, গোবিন দাসক কাৰ্য্যকৰী সভাপতি, লাচিত বৰদলৈক সম্পাদক, প্ৰাঞ্জল হাজৰিকা আৰু সন্দীপ কলিতাক সহকাৰী সম্পাদক, বদন কলিতাক কোষাধ্যক্ষ হিচাপে লৈ পৰিচালনা সমিতি গঠন হয়। ড৹ সমুদ্ৰ গুপ্ত কাশ্যপৰ সভাপতিত্বত অনুষ্ঠিত উক্ত ২ নৱেম্বৰৰ সভাত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে নগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, নগাঁও জিলা নিৰ্বাচনী বিষয়া শেখৰন ফুকন, অতিৰিক্ত আয়ুক্ত সুদীপ নাথ, সহকাৰী আয়ুক্ত অৰুণাভ চৌধুৰী, ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সৌৰভ কুমাৰ দাসকে আদি কৰি এক প্ৰকাৰৰ সমগ্ৰ নগাঁও জিলা প্ৰশাসনৰ লোকৰ লগতে বটদ্ৰৱাৰ শলগুৰি, নৰোৱা এই দুয়োখন সত্ৰৰ ভকত বৈষ্ণৱ, সমগ্ৰ নগাঁও জিলাৰ লগতে অসমবাসী ভকত বৈষ্ণৱ, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ আজীৱন সদস্য, সত্ৰীয়া সদস্যৰ উপস্থিত আছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us