সোমবাৰৰ পৰা সকলো কেন্দ্ৰীয় মন্ত্ৰীক কাৰ্যালয়লৈ যোৱাৰ নিৰ্দেশ…

সোমবাৰৰ পৰা সকলো কেন্দ্ৰীয় মন্ত্ৰীক কাৰ্যালয়লৈ যোৱাৰ নিৰ্দেশ…

author-image
asomiyapratidin
New Update
সোমবাৰৰ পৰা সকলো কেন্দ্ৰীয় মন্ত্ৰীক কাৰ্যালয়লৈ যোৱাৰ নিৰ্দেশ…

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় মন্ত্ৰীসকলক অহা সোমবাৰৰ পৰা নিজৰ কাৰ্যালয়লৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তৰফৰ পৰা এই নিৰ্দেশ প্ৰদান কৰা হৈছে। দেশত কোৰোনা ভাইৰাছে সৃষ্টি কৰা পৰিস্থিতিৰ মাজতে কেন্দ্ৰ চৰকাৰে এতিয়া 'জান ভী, জাহান ভী' ৰণনীতিৰে চৰকাৰী কাম-কাজবোৰ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Advertisment

লগতে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তৰফৰ পৰা মন্ত্ৰীসকলক নিজৰ কাৰ্য সম্পাদন কৰাৰ সময়ত সামাজিক দূৰত্ব বজাই ৰখাৰ বাবেও আহ্বান জনোৱা হৈছে। উল্লেখ্য যে, যুটীয়া সচিবৰ ওপৰৰ সকলো পদবীৰ বিষয়াসকলকো কাৰ্যালয়ত যাবলৈ নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে।

কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে ঘোষণা কৰা লকডাউনৰ সময়চোৱাত সৰহ ভাগ মন্ত্ৰীয়েই ঘৰৰ পৰা নিজৰ নিজৰ কাৰ্য সম্পাদন কৰি আহিছে। ঘৰতেই ভিডিঅ' কনফাৰেন্সযোগে বৈঠক আৰু চৰকাৰী সকলো কাম-কাজ অব্যাহত ৰাখিছে মন্ত্ৰীসকলে। কিন্তু অহা সোমবাৰৰ পৰা তেওঁলোকে দপ্তৰলৈ গৈ সম্পাদন কৰিব লাগিব নিজৰ কৰ্তব্য।