/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/unnamed-2.jpg)
ডিজিটেল ডেস্কঃ ভাৰতবৰ্ষত কোৰোনাত আক্ৰান্ত হোৱা ৭৬৮৪ গৰাকী লোকৰ বিপৰীতে ৭৮৯ গৰাকী লোকে আৰোগ্য লাভ কৰিছে। ইতিমধ্যে চিকিৎসাধীন হৈ আছে ৬৬৪৫ গৰাকী লোক আৰু মৃত্যু হৈছে ২৫০ গৰাকী। ভাৰতৰ ভিতৰত সৰ্বাধিক কোৰোনাত আক্ৰান্ত ৰাজ্য হৈছে মহাৰাষ্ট্ৰ। ৰাজ্যখনত ১৫৭৪ গৰাকী লোক কোৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে ১১০ গৰাকী লোক মৃত্যু হৈছে।
ইফালে বিশ্বত ৩৭৭,২২০ কোৰোনাত আক্ৰান্তই আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে। বৰ্তমানলৈ ১০২,৮৪৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে সৰ্বাধিক মৃত্যু হৈছে ইটালীত। কিন্তু যোৱা ২৪ ঘন্টাত আমেৰিকাত মৃত্যুৰ সংখ্যা যিধৰণে বাঢ়িছে তালৈ চাই শনিবাৰে নিশাৰ ভিতৰতে ইটালীক চেৰ পেলাব আমেৰিকাই।
উল্লেখ্য যে আমেৰিকাত আক্ৰান্তৰ সংখ্যাই ৫ লাখৰ ঘৰ অতিক্ৰম কৰিছে। বিশ্বত কোৰোনাত আক্ৰান্ত হোৱা ১৭ লাখ ৰোগীৰ মাজত ১,১৭৩,১২৯ গৰাকী লোকৰ স্বাস্থ্যৰ অৱস্থিতি সুস্থিৰ হোৱাৰ বিপৰীতে ৪৯,৮৫৩ গৰাকী কোৰোনাত আক্ৰান্তৰ অৱস্থা সংকটজনক।