Advertisment

চিন্তিত দেশৰ চিআৰপিএফ জোৱানসকল! এতিয়ালৈকে দিল্লীতে কোৰোনাত আক্ৰান্ত হৈছে ১২২ জন…

চিন্তিত দেশৰ চিআৰপিএফ জোৱানসকল! এতিয়ালৈকে দিল্লীতে কোৰোনাত আক্ৰান্ত হৈছে ১২২ জন…

author-image
asomiyapratidin
New Update
চিন্তিত দেশৰ চিআৰপিএফ জোৱানসকল! এতিয়ালৈকে দিল্লীতে কোৰোনাত আক্ৰান্ত হৈছে ১২২ জন…

ডিজিটেল ডেস্কঃ বিগত দুসপ্তাহত দিল্লীত কোৰোনা ভাইৰাছে লৈছে ভয়ংকৰ ৰূপ। দিল্লীত ১২২ গৰাকী চিআৰপিএফ বেটেলিয়ন আক্ৰান্ত হৈছে কোৰোনাত। এই সংখ্যা বৃদ্ধি হোৱাৰো সম্ভাৱনা আছে। কাৰণ এতিয়াও ১০০ জন বেটেলিয়নৰ কোৰোনা পৰীক্ষাৰ ফলাফল অহা নাই। ইতিমধ্যে দিল্লীত কৰ্মৰত এগৰাকী অসমৰ ৫৫ বছৰীয়া জোৱানো কোৰোনাৰ বাবে মৃ্ত্যু মুখত পৰিছে। তেওঁৰ শেষকৃত্যও সম্পন্ন হৈছে।

Advertisment

প্ৰতিদিনাই ইজনৰ পিছত সিজন জোৱানৰ কোৰোনা পৰীক্ষা কৰা হৈছে। কেৱল শুকুৰবাৰৰ দিনটোতেই কোৰোনাত আক্ৰান্ত হৈছিল ১২ গৰাকী জোৱান। কিছুদিন পূৰ্বে সেই কেম্পত থকা ৪৫ গৰাকী লোক কোৰোনা আক্ৰান্তৰ সংস্পৰ্শলৈ আহিছিল। চিআৰপিএফৰ কোৰোনাত আক্ৰান্ত এজন জোৱানক চিকিৎসা কৰা ইউনিটৰ এগৰাকী নাৰ্ছৰ দেহৰ পৰা এই কোৰোনা ভাইৰাছ অহা বুলি সন্দেহ কৰা হৈছে।

এপ্ৰিলৰ ১৭ তাৰিখৰ পৰা জোৱানজনৰ দেহত কোৰোনাৰ উপসৰ্গ দেখিবলৈ পোৱা গৈছিল। ২১ তাৰিখে তেওঁৰ দেহত কোৰোনা থকা বুলি নিশ্চিত হৈছিল। তাৰ পিছতে তেওঁক দিল্লীৰ ৰাজীৱ গান্ধী হাস্পতালত ভৰ্তি কৰা হৈছিল। পৰৱৰ্তী সময়ত ২৪ এপ্ৰিলত চিআৰপিএফৰ ৯ গৰাকী জোৱানৰ দেহত পুনৰ কোৰোনা ধৰা পৰিছিল। এনেদৰেই প্ৰতিদিনে কোৰোনাত আক্ৰান্ত হৈছে চিআৰপিএফ জোৱান।