শনিবাৰে বিয়াঃ কইনা সাজৰ সলনি ছৰ্মিলাই পিন্ধিলে PPE কিট…

শনিবাৰে বিয়াঃ কইনা সাজৰ সলনি ছৰ্মিলাই পিন্ধিলে PPE কিট…

author-image
asomiyapratidin
New Update
শনিবাৰে বিয়াঃ কইনা সাজৰ সলনি ছৰ্মিলাই পিন্ধিলে PPE কিট…

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ বিভীষিকাৰ বাবে বহুলোকৰ আগতীয়া পৰিকল্পনা বাতিল কৰিব লগা হৈছে। ফুৰিবলৈ যোৱা, কোনো বিশেষ বস্তু বজাৰ কৰা আদি কামবোৰৰ কৰিব নোৱাৰাৰ উপৰিও এইসময়চোৱাতে বিয়াৰ দৰে জীৱনৰ গুৰুত্বপূৰ্ণ অনুষ্ঠানো বাতিল কৰিবলগীয়া হৈছে। দেশৰ এই সংকটৰ সময়ত ব্যক্তিগত কামবোৰ পিছুৱাৰ বাবে কোনো লোকে বৰ বেছি বেজাৰো কৰা নাই।

জটিল এই পৰিস্থিতিৰ মাজতে শেহতীয়াকৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে এটা খবৰে। খবৰটো চণ্ডীগড়ৰ এগৰাকী নাৰ্ছৰ। ছৰ্মিলা নামৰ এই নাৰ্চগৰাকীৰ বিয়া আছিল শনিবাৰে অথাৎ ২ মে'ত, কিন্তু কোৰোনাৰ বিভীষিকাৰ প্ৰতি লক্ষ্য ৰাখি বিয়াখন নহ'ল। তথাপিও বেজাৰ কৰা নাই ছৰ্মিলাই।

যিটো দিনৰ বিয়াৰ সাজ পিন্ধি প্ৰিয়জনৰ কাষত বহি থাকিব লাগিছিল, সেই দিনটোতে পি পি ই কিট পিন্ধি ৰোগীৰ দেহৰ পৰীক্ষা কৰাত ব্যস্ত ছৰ্মিলা। বিলাসপুৰত নিৱাসীৰ ছৰ্মিলা চণ্ডীগড় চেক্টৰ৪৯ত কৰ্মৰত এগৰাকী নাৰ্ছ। যোৱা ৭ এপ্ৰিলৰ পৰা চণ্ডীগড়ৰ পাচলি বজাৰত স্থাপন কৰা বিশেষ স্বাস্থ্য কেন্দ্ৰত কৰ্তব্য সম্পাদন কৰি আছে ছৰ্মিলাই।