উত্তৰ প্ৰদেশ পালেহি কোৰোনা! একেটা পৰিয়ালৰ ৬ সদস্যৰ দেহত ধৰা পৰিল সংক্ৰমণ…

উত্তৰ প্ৰদেশ পালেহি কোৰোনা! একেটা পৰিয়ালৰ ৬ সদস্যৰ দেহত ধৰা পৰিল সংক্ৰমণ…

ডিজিটেল ডেস্কঃ চীনসহ কেইবাখনো দেশত বিভীষিকাৰ ৰূপ ধাৰণ কৰা কোৰোনা ভাইৰাছ এইবাৰ প্ৰৱেশ ঘটিছে উত্তৰ প্ৰদেশত। আগ্ৰাৰ একেটা পৰিয়ালৰে ৬ জন সদস্যৰ দেশত মঙলবাৰে ধৰা পৰিছে কোৰোনা ভাইৰাছৰ বীজানু। তাৰ পিছতে উত্তৰ প্ৰদেশ স্বাস্থ্য বিভাগে ৰাজ্যখনত হাই এলাৰ্ট জাৰি কৰিছে।

জানিব পৰা মতে, আগ্ৰাৰ জোতা ব্যৱসায়ী দুই ভাতৃয়ে দিল্লীত থকা আত্মীয়ৰ সৈতে ইটালী ভ্ৰমণলৈ গৈছিল। তেওঁলোকে ইটালীৰ পৰা ২৫ ফেব্ৰুৱাৰীত ভাৰতলৈ উভতিছিল। তাৰ পিছতে দিল্লীত থকা আত্মীয়ৰ দেহত কোৰোনা ভাইৰাছৰ লক্ষণ সদৃশ উপসৰ্গ ধৰাৰ পৰাত ততাতৈয়াকৈ তেজৰ পৰীক্ষা কৰা হয়। য'ত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

ইফালে দিল্লীৰ আত্মীয়ৰ দেহত এই ভাইৰাছৰ সংক্ৰমণ ধৰা পৰাৰ পিছতে আগ্ৰাৰ দুই ভাতৃ আৰু পৰিয়ালেও সন্দেহ কৰি জিলা চিকিৎসালয়ত উপস্থিত হয়। জিলা হাস্পতালত প্ৰাথমিক পৰীক্ষাৰ অন্তত পৰিয়ালটোৰ মুঠ ১৩ জন সদস্যৰ তেজৰ নমুনা তৎকালীনভাৱে এছএন মেডিকেল কলেজৰ মাইক্ৰ' বায়'লজী বিভাগলৈ প্ৰেৰণ কৰা হয় পৰীক্ষাৰ বাবে। এই পৰীক্ষাতে পৰিয়ালৰ ৬ জন সদস্যৰ দেহত কোৰোনা ভাইৰাছৰ সংক্ৰমণ নিশ্চিত কৰে চিকিৎসকে।

পৰিয়ালৰ সদস্য কেইজনৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতি নিশ্চিত হোৱাৰ পিছতে ততাতৈয়াকৈ তেওঁলোকক দিল্লীলৈ প্ৰেৰণ কৰা হৈছে আৰু আছুতীয়া কক্ষত ৰাখি চিকিৎসা প্ৰদান কৰি থকা হৈছে। আনহাতে উত্তৰ প্ৰদেশ স্বাস্থ্য বিভাগে এই ভাইৰাছৰ সংক্ৰমণক লৈ হাই এলাৰ্ট জাৰি কৰি সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in