এই বছৰত সৰ্বাধিক! যোৱা ২৪ঘন্টাত ৬২হাজাৰ লোক কোৰোনাত আক্ৰান্ত…

এই বছৰত সৰ্বাধিক! যোৱা ২৪ঘন্টাত ৬২হাজাৰ লোক কোৰোনাত আক্ৰান্ত…

author-image
asomiyapratidin
New Update
অসমত হ্ৰাস পাইছে কোৰোনাৰ সংক্ৰমণঃ ৰাজ্যত নতুনকৈ ৭৮৪জন কোভিড পজিটিভ, ১৫জনৰ মৃত্যু…

ডিজিটেল ডেস্কঃ সাৱধান! কোৰোনাই আকৌ লৈছে ভয়ংকৰ ৰূপ। মাত্ৰ ২৪ঘন্টাত দেশত কোৰোনাত আক্ৰান্ত হৈছে ৬২হাজাৰ ২৫৮গৰাকী ব্যক্তি। লগতে যোৱা ২৪ঘন্টাত ২৯১গৰাকী ৰোগীৰ মৃত্যু হৈছে ভাৰতত। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰা তথ্য অনুসৰি, চলিত বছৰত এটাদিনত কোৰোনাত আক্ৰান্ত সংখ্যা এয়াই হৈছে সৰ্বাধিক। উল্লেখ্য যে, দেশৰ ভিতৰতে কোৰোনাই সৰ্বাধিক ক্ষতিগ্ৰস্ত কৰা ৰাজ্যখন হৈছে মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰত বিগত ২৪ঘন্টাত ৩৫হাজাৰো অধিক লোক আক্ৰান্ত হৈছে কোৰোনাত।