অসম চৰকাৰৰ নিৰ্দেশনা! মাস্ক পিন্ধক নহ’লে ভৰক ১০০০টকা…

অসম চৰকাৰৰ নিৰ্দেশনা! মাস্ক পিন্ধক নহ’লে ভৰক ১০০০টকা…

author-image
asomiyapratidin
New Update
অসমত হ্ৰাস পাইছে কোৰোনাৰ সংক্ৰমণঃ ৰাজ্যত নতুনকৈ ৭৮৪জন কোভিড পজিটিভ, ১৫জনৰ মৃত্যু…

ডিজিটেল ডেস্কঃ কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ অসম চৰকাৰে মাস্কক লৈ প্ৰদান কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা। এতিয়াৰে পৰা অসমত বাধ্যতামূলক কৰা হৈছে মাস্ক।

অসম চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি বাট পথ, হাস্পতাল, অফিচ, বজাৰ আদিত ৩ তৰপ থকা মাস্ক অথবা গামোচা বা অন্য কোনো বোৱা কাপোৰৰ দুটা তৰপেৰে নাক মুখ ঢাকি ৰখাতো বাধ্যতামূলক।

যদিহে কোনো লোকে এই নিৰ্দেশনা অমান্য কৰে তেনেহেল ৫০০ৰ পৰা ১০০০টকা জৰিমনা বিহাৰ নিৰ্দেশনাও প্ৰদান কৰিছে। উল্লেখ্য যে, শেহতীয়াকৈ সাংসদ তপন গগৈও আক্ৰান্ত হৈছে কোৰোনাত।