/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/corona-virus-update-of-24-hours-face-009ba35e-0e40-4c34-b45d-5f95cb34aa9f.jpg)
ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বৰ লগতে ভাৰততো কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে। দেশত লকডাউন জাৰি কৰা হৈছে যদিও, এই ভাইৰাছৰ সংক্ৰমণ সম্পূৰ্ণ প্ৰতিৰোধ হোৱা নাই। উল্লেখ্য যে, দেশত বৰ্তমানলৈ ২৮হাজাৰৰো অধিক লোক আক্ৰান্ত হৈছে কোভিড-১৯ত।
স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, ভাৰতত ২৮,৩৮০জন হৈছেগৈ কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। ইফালে, যোৱা ২৪ ঘন্টাত দেশত নতুনকৈ ১৪৬৩জন লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ৰ উপস্থিতি। তদুপৰি, এই সময়চোৱাত মৃত্যু হোৱা লোকৰ সংখ্যা ৬০জন। উল্লেখযোগ্য যে, ভাৰতত বৰ্তমানলৈ কোৰোনো ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৮৮৭জনকৈ লোক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us