ভাৰতত কোৰোনাৰ সন্ত্ৰাস অব্যাহত, বিগত ২৪ ঘন্টাত মৃত্যু ১৯৪ গৰাকীৰ, আক্ৰান্ত ৬,৫৬৬…

ভাৰতত কোৰোনাৰ সন্ত্ৰাস অব্যাহত, বিগত ২৪ ঘন্টাত মৃত্যু ১৯৪ গৰাকীৰ, আক্ৰান্ত ৬,৫৬৬…

ডিজিটেল ডেস্কঃ ভাৰতত কোৰোনাত আক্ৰান্ত হৈ যোৱা ২৪ ঘন্টাত ১৯৪ গৰাকী লোকে প্ৰাণ হেৰুৱালে। ইফালে নতুনকৈ আক্ৰান্ত হ'ল ৬,৫৬৬ গৰাকী লোক। অসমতো বুধবাৰে ১০১ জন লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে। অসমত কোৰোনাত আক্ৰান্ত হোৱা লোকৰ মুঠ সংখ্যা ৭৮৩ গৰাকীলৈ বৃদ্ধি পাইছে। ঠিক তেনেদৰে অসমত কোৰোনাৰ ফলত মৃত্যু হৈছে ৪ জন লোকৰ।

অসমত এতিয়ালৈকে কোৰোনাত আক্ৰান্ত হোৱা ৮৭ গৰাকী লোক আৰোগ্য হৈছে। আনহাতে ভাৰতত কোৰোনাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৪,০৩৯ জনলৈ। ঠিক তেনেদৰে ভাৰতত এতিয়ালৈকে কোৰোনাত মুঠ আক্ৰান্ত হৈছে ১,৩৯,৯৯৩ গৰাকী লোক। ভাৰতত এতিয়ালৈকে আৰোগ্য হৈছে ৫৮,০৯৭ গৰাকী লোক। এতিয়াও চিকিৎসা প্ৰদান কৰি থকা হৈছে ৭৭,৮৪৮গৰাকী লোকক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in