/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/dangor-khobr-1.jpg)
ডিজিটেল ডেস্কঃ ল'কডাউনৰ গত্যন্তৰ নাইকিয়া হৈছে এখন ৰাজ্যত। বুধবাৰৰ দিনা এতিয়ালৈকে ৫১৮৫জনৰ দেহত নতুনকৈ ধৰা পৰিছে কোভিড-১৯। তাতোকৈ ভয়াৱহ খবৰটো হ'ল বুধবাৰে ৬জন লোকৰ মৃত্যু হৈছে কোভিডত।
মহাৰাষ্ট্ৰত এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে কোভিডে। কেৱল মুম্বাইতে ইমান বৃহৎ সংখ্যক লোকৰ কোভিড পজিটিভ হোৱাৰ খবৰে। চিন্তিত কৰি তুলিছে মায়ানগৰী মুম্বাইক। উল্লেখযোগ্য যে, বলিউডতো ইজনৰ পাছত সিজনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ।
আমিৰ খানৰ দেহতো কোভিড পজিটিভ ধৰা পৰিছে। যিকোনো মুহূৰ্ততে মহাৰাষ্ট্ৰত এতিয়া সম্পূৰ্ণ ল'কডাউন দিয়াৰ সম্ভাৱনাই দেখা দিছে। উল্লেখযোগ্য যে, গুজৰাটতো নতুনকৈ ১৭৯০জনৰ দেহত বুধবাৰে কোভিড-১৯ ধৰা পৰে।
ৰাজ্যখনত যোৱা ২৪ ঘন্টাত ৮জন লোকৰ মৃত্যু হৈছে কোভিডত আক্ৰান্ত হৈ। কেৰালাতো লাহে লাহে কোৰোনাই সংহাৰ ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিছে। যোৱা ২৪ ঘন্টাত কেৰালাত ২৪৫৬জনৰ দেহত কোভিড ধৰা পৰে। ৰাজ্যখনত বুধবাৰৰ দিনা কোভিডত আক্ৰান্ত হৈ ১০জন লোকৰ মৃত্যু হোৱা তথ্য পোহৰলৈ আহিছে।
ৰাজস্থানত ৬৬৯জন লোক নতুনকৈ কোভিডত আক্ৰান্ত হৈছে। ৰাজ্যখনত বুধবাৰৰ দিনটোত মৃত্যু হোৱা লোকৰ সংখ্যা এজন। মণিপুৰত বুধবাৰৰ দিনা ১০জন লোকৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰিছে। ৰাজ্যখনতো এজন লোকৰ কোভিডত মৃত্যু হোৱা বুলি স্বাস্থ্য মন্ত্ৰণালয়ৰ সূত্ৰত প্ৰকাশ।
উত্তৰাখণ্ডত ২০০জন লোকৰ দেহত যোৱা ২৪ ঘন্টাত কোভিড ধৰা পৰে। অৱশ্যে ৰাজ্যখনত কোভিডত আক্ৰান্ত হৈ এতিয়ালৈকে কোনো লোকৰ মৃত্যু হোৱা তথ্য পোহৰলৈ অহা নাই। কোভিডত আক্ৰান্ত হোৱা ১২জন ৰোগীৰ মৃত্যু হৈছে কৰ্ণাটকত। যোৱা ২৪ ঘন্টাত ৰাজ্যখনত নতুনকৈ কোভিডত আক্ৰান্ত লোকৰ সংখ্যা ২২৯৮জন।
সমগ্ৰ দেশতে এতিয়া কোভিডে এনে ভয়াৱহ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। তেনে পৰিস্থিতিত উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্য মন্ত্ৰণালয়। হাৰিয়ানা চৰকাৰে হ'লী ৰাজহুৱা স্থানত উদযাপন কৰাত কঠোৰ নিষেধাজ্ঞা জাৰি কৰা নিৰ্দেশনা দিছে।
হাৰিয়ানাৰ গৃহ মন্ত্ৰী অনিল গীজে ৰাজ্যবাসীক সতৰ্ক কৰি দি কৈছে যে এনে পৰিস্থিতিত হ'লী উদযাপন কৰিবলৈ দিয়াতো অসম্ভৱ। ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্রণালয়ে ৰাজ্যসমূহৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰি কোভিডৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ কঠোৰভাৱে কোভিড প্ৰট'কল মানি চলাৰ বাবে অনুৰোধ জনাইছে।