/asomiyapratidin/media/media_files/2025/10/09/deryytuygvswde-2025-10-09-15-27-04.jpg)
ডিজিটেল সংবাদ, কোচবিহাৰঃ উত্তৰ বংগৰ কোচবিহাৰৰ অন্যতম সাংস্কৃতিক উৎসৱ কোচবিহাৰ ৰাস মেলাৰ উদ্বোধনী অনুষ্ঠান শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত অনুষ্ঠিত কৰা হব। সেই উদ্দেশ্যে ৯ অক্টোবৰত কোচবিহাৰত পৌৰ সভাৰ পৌৰপতি ৰবীন্দ্ৰ নাথ ঘোষৰ লগত মধুপুৰ সত্ৰ, উত্তৰ বংগৰ সত্ৰ আৰু নামঘৰ সমূহৰ সমন্বয় ৰক্ষী সমিতিৰ লগত হোৱা এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰা হয়।
মধুপুৰ সত্ৰ আৰু উত্তৰ বংগৰ সত্ৰ আৰু নামঘৰ সমূহৰ সমন্বয় ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়ন এক বিবৃতি যোগে প্ৰকাশ কৰা অনুসৰি, সমন্বয় ৰক্ষী সমিতিৰ সাধাৰণ সম্পাদক কুমাৰ দীপক দাসৰ প্ৰচেষ্টাত সমিতিৰ উপ সভাপতি বনমালি পাঠক আৰু জগন্নাথ দাসে পৌৰপতি গৰাকীৰ লগত হোৱা এই বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত মতে ,আগন্তুক ৰাস মেলাৰ মঞ্চন এইবাৰ জুবিন গাৰ্গৰ নামত উচৰ্গা কৰাৰ লগতে ৰাস মেলা উদ্বোধনীৰ দিনাই জুবিন গাৰ্গৰ সোঁৱৰণত এক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত হব। এই অনুষ্ঠানত বৰপেটা, সুন্দৰীদিয়া সত্ৰ শল ৰাম ৰাই কুঠি সত্ৰৰ সত্ৰাধিকাৰ সকলৰ লগতে উত্তৰ বংগৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰ সকল উপস্থিত থাকিব।
মধুপুৰ সত্ৰ আৰু উত্তৰ বংগৰ সত্ৰ আৰু নামঘৰ সমূহৰ সমন্বয় ৰক্ষী সমিতিৰ উদ্যোগত অনুষ্ঠিত হবলগীয়া এই বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শিল্পী গৰাকীৰ প্ৰতি সত্ৰীয়া সাংস্কৃতিক পৰম্পৰাৰে শ্ৰদ্ধা জনোৱাৰ লগতে জুবিন গাৰ্গে কণ্ঠদান কৰা উত্তৰ বংগৰ লোকসংগীত পৰিবেশন কৰা হব ।
ইফালে, এই বৈঠকত জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি কোচবিহাৰৰ মাজমজিয়াত স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে ৰাস মেলাৰ মূল তিনিখন তোৰণ শিল্পী গৰাকীৰ সোঁৱৰণত নিৰ্মাণ কৰাৰ বাবেও এক সিদ্ধান্ত গ্ৰহণ কৰা হয়। মধুপুৰ সত্ৰ আৰু উত্তৰ বংগৰ সত্ৰ আৰু নামঘৰ সমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ আদৰ্শ আৰু মতবাদেৰে পালন কৰি অহা কোচবিহাৰ ৰাস মেলাই জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই অনুষ্ঠিত কৰিবলগীয়া এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সহায় আৰু সহযোগ আগবঢ়াবলৈ অসম আৰু উত্তৰ বংগৰ ৰাইজক আহ্বান জনাইছে।