/asomiyapratidin/media/media_files/2026/02/13/120-2026-02-13-11-05-35.jpg)
ডিজিটেল ডেস্ক : ধৰ্মান্তৰকৰণ বা আন্তঃজাতি বিবাহৰ পাছতো এজন ব্যক্তিৰ জন্মগত জাতি পৰিচয় অপৰিৱৰ্তিত থাকে।- এই গুৰুত্বপূৰ্ণ যুক্তি আগবঢ়াইছে এলাহাবাদ উচ্চ ন্যায়ালয়ে। অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইনৰ অধীনত দাখিল কৰা এক গোচৰৰ শুনানি গ্ৰহণ কৰি শেহতীয়াকৈ আদালতে এই ৰায়দান কৰে।
এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে, উক্ত গোচৰটো এগৰাকী মহিলাৰ সৈতে জড়িত আছিল। যিগৰাকী মহিলা জন্মসূত্ৰে অনুসূচিত জাতিৰ আছিল যদিও এগৰাকী উচ্চবৰ্ণৰ পুৰুষক তেওঁ বিবাহ কৰাইছিল। ইয়াৰ পাছতে মহিলাগৰাকীয়ে দীনেশ নামৰ এজন ব্যক্তিসহ ৮ জন লোকৰ বিৰুদ্ধে মাৰপিট কৰা আৰু জাতিগত গালি-গালাজৰ অভিযোগ উত্থাপন কৰিছিল আদালতত। তাৰ পাছতে আইনে আলিগড়ৰ বিশেষ আদালতত অভিযুক্তসকলক বিচাৰৰ মুখামুখি হ’বলৈ চমন জাৰি কৰিছিল।
ইয়াৰ পাছতে আদালতত অভিযুক্ত পক্ষই এই নিৰ্দেশৰ প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। আদালতত তেওঁলোকৰ যুক্তি আছিল যে, মহিলাগৰাকী জন্মসূত্ৰে অনুসূচিত জাতিৰ হ’লেও এজন 'জাট' সম্প্ৰদায়ৰ লোকক বিবাহ কৰোৱাৰ পাছত তেওঁ নিজৰ পূৰ্বৰ জাতিৰ মৰ্যাদা হেৰুৱাইছে। বিবাহৰ পাছত এগৰাকী মহিলা তেওঁৰ স্বামীৰ জাতিৰ সদস্য হৈ পৰে। গতিকে, তেওঁৰ ক্ষেত্ৰত SC অথবা ST আইন প্ৰযোজ্য হ’ব নালাগে।
এই যুক্তিৰ পাছত ন্যায়াধীশ অনিল কুমাৰৰ বিচাৰপীঠে এই যুক্তি খাৰিজ কৰি ১০ ফেব্ৰুৱাৰীত স্পষ্ট কৰি দিয়ে যে, "ধৰ্মান্তৰকৰণ বা আন্তঃজাতি বিবাহে জন্মৰ দ্বাৰা নিৰ্ধাৰিত হোৱা জাতি পৰিচয় সলনি কৰিব নোৱাৰে।" আদালতে লগতে উল্লেখ কৰে যে এগৰাকী মহিলা যিহেতু জন্মসূত্ৰে এক নিৰ্দিষ্ট জাতিৰ অন্তৰ্গত আছিল, বিবাহৰ পাছত সেই মৰ্যাদা বিলুপ্ত নহয়। ইয়াৰ ফলত অভিযুক্তসকলৰ বিৰুদ্ধে SC/ST আইনৰ অধীনত চলি থকা গোচৰটো বাহাল থাকে আৰু উচ্চ ন্যায়ালয়ে তেওঁলোকৰ আপিল খাৰিজ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us