/asomiyapratidin/media/media_files/2025/12/28/1-2025-12-28-20-24-25.jpg)
ডিজিটেল সংবাদ,নলবাৰীঃ ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াই আজি নলবাৰীত বজৰং দলৰ সমৰ্থনত এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত নিজৰ বুথত আয়োজিত প্ৰধানমন্ত্ৰীৰ ‘মন কি বাত’ অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰে।
নলবাৰীত শেহতীয়াকৈ সংঘটিত বজৰং দলৰ উদ্ভাণ্ডালিৰ অভিযোগ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি শইকীয়াই দলটোৰ সমৰ্থনত কয়, "বজৰংগী সকলে দেশৰ কাৰণে জীৱন দিব পাৰে। ৰাষ্ট্ৰৰ হকে কাম কৰি আছে বজৰং দলে।" ইয়াৰ লগতে তেওঁ নিজে বজৰং দলৰ সৈতে জড়িত বুলিও স্পষ্টকৈ কয়।
ধৰ্মীয় অধিকাৰ সন্দৰ্ভত মন্তব্য কৰি সাংসদগৰাকীয়ে কয় যে ভাৰতৰ সংবিধানে প্ৰতিগৰাকী নাগৰিককে ধৰ্মীয় উৎসৱ পালনৰ অধিকাৰ দিছে যদিও ইয়াৰ সুযোগ লৈ চলা ধৰ্মান্তৰকৰণ সহ্য কৰা নহ'ব। তেওঁ অভিযোগ কৰে যে, খ্ৰীষ্টান ধৰ্মীয় একাংশই দুখীয়াক সহায় কৰাৰ নামত মানুহৰ ধৰ্ম পৰিৱৰ্তন কৰা কাৰ্য বন্ধ কৰিব লাগে। লগতে তেওঁ হিন্দুসকলক কোনো প্ৰলোভনত ভোল নগৈ নিজৰ সনাতনী ধৰ্ম এৰি আন ধৰ্ম গ্ৰহণ নকৰিবলৈ আহ্বান জনায়।
মিত্ৰজোটৰ সন্দৰ্ভত দিলীপ শইকীয়াই কয় যে, অসম গণ পৰিষদ (বিজেপিৰ অত্যন্ত বিশ্বস্ত সহযোগী দল। আগন্তুক সময়তো মিত্ৰতা অটুট থাকিব আৰু আসন বুজাবুজিৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নহয় বুলি তেওঁ দৃঢ়তাৰে মত প্ৰকাশ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us