সামাজিক মাধ্যমত ৰাজনৈতিক নেৰেটিভ নিৰ্মাণৰ যুঁজঃ কংগ্ৰেছৰ এআই পোষ্টক লৈ বিতৰ্ক

শেহতীয়া সময়ছোৱাত সামাজিক মাধ্যমত নেৰেটিভ নিৰ্মাণক লৈ দেশৰ দুটা মুখ্য ৰাজনৈতিক দল কংগ্ৰেছ আৰু বিজেপিৰ মাজত প্ৰতিদ্বন্দ্বিতা অধিক তীব্ৰ হৈ উঠিছে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-02 at 6.33.22 PM

ডিজিটেল ডেস্কঃ শেহতীয়া সময়ছোৱাত সামাজিক মাধ্যমত নেৰেটিভ নিৰ্মাণক লৈ দেশৰ দুটা মুখ্য ৰাজনৈতিক দল কংগ্ৰেছ আৰু বিজেপিৰ মাজত প্ৰতিদ্বন্দ্বিতা অধিক তীব্ৰ হৈ উঠিছে। দুয়ো দলে ডিজিটেল মাধ্যমত নিজৰ বক্তব্য আৰু দৃষ্টিভংগী প্ৰচাৰৰ বাবে ব্যাপক কৌশল গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

এই প্ৰেক্ষাপটত, শেহতীয়াকৈ কংগ্ৰেছৰ সৈতে সংযুক্ত বুলি কোৱা কিছুমান স্পনছৰ্ড সামাজিক মাধ্যমৰ পেজত কৃত্ৰিম বুদ্ধিমত্তা (AI) ব্যৱহাৰ কৰি প্ৰস্তুত কৰা এটা পোষ্টক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। উক্ত ছবিখনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক একাংশ লোকে প্ৰহাৰ কৰা দেখিবলৈ পোৱা গৈছে। পোষ্টটো প্ৰকাশ হোৱাৰ পাছতে সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হয় আৰু বহু নেটিজেনে ইয়াক অনুচিত আৰু উচটনিমূলক বুলি সমালোচনা কৰে।

সমালোচনাৰ পাছতে মূল পেজৰ পৰা উক্ত পোষ্টটো আঁতৰোৱা হয় যদিও কিছুমান স্পনছৰ্ড পেজত ছবিখন বহু সময়লৈকে উপলব্ধ আছিল বুলি উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে, দেশত মব লিনছিঙৰ দৰে ঘটনাক লৈ আইনগত ব্যৱস্থা অধিক কঠোৰ কৰাৰ বাবে ভাৰতীয় ন্যায় সংহিতাত নতুন ধাৰা সন্নিৱিষ্ট কৰা হৈছে।

এই পৰিস্থিতিত এআই-নিৰ্ভৰ বিতৰ্কিত বিষয়বস্তু প্ৰচাৰ কৰাটো দায়িত্বহীনতাৰ উদাহৰণ বুলি একাংশ লোকে মন্তব্য কৰিছে। সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত ৰাজনৈতিক দলসমূহে অধিক সংযম আৰু দায়িত্বশীলতা প্ৰদৰ্শন কৰা উচিত বুলি বহু নেটিজেনে মত প্ৰকাশ কৰিছে। আনহাতে, এই ঘটনাই সামাজিক মাধ্যমত ৰাজনৈতিক নেৰেটিভ নিৰ্মাণৰ ক্ষেত্ৰত তথ্যৰ সত্যতা, এআই ব্যৱহাৰৰ সীমা আৰু ৰাজনৈতিক নৈতিকতাৰ বিষয়টো পুনৰ এবাৰ চৰ্চালৈ আনিছে।

অসম প্ৰদেশ কংগ্ৰেছ