/asomiyapratidin/media/media_files/2025/10/06/hologram-2025-10-06-13-00-40.jpeg)
ডিজিটেল ডেস্কঃ ৰাজ্যৰ আবকাৰী বিভাগে শেহতীয়াকৈ এক নিবিদা আহ্বান কৰিছে। যি নিবিদাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। সুৰাৰ বিপণীত বিক্ৰী কৰা বটলসমূহৰ মুখনিৰ ওপৰত লগোৱা থাকে এক বিশেষ হ’লগ্ৰাম।
কোনো যাতে সুৰা বটলসমূহৰ পৰা নকল সুৰাৰ বটল প্ৰস্তুত কৰিব নোৱাৰে তাৰ বাবে এই হ’লগ্ৰাম লগোৱাৰ ব্যৱস্থা কৰে ৰাজ্যৰ আবকাৰী বিভাগে। আবকাৰী বিভাগে টেণ্ডাৰ আই ডি নম্বৰ 2025 ED 40270_1 ৰ জৰিয়তে টেণ্ডাৰ ৰেফাৰেন্স নং EX/HOLOGRAM/01/2025 ৰ যোগে এই টেণ্ডাৰ আহ্বান জনাইছিল।
হাই ছিকিউৰিটি কিউ আৰ ক’ডযুক্ত হল’গ্ৰামৰ উৎপাদন আৰু যোগানৰ বাবে এই নিবিদা আহ্বান কৰাৰ পাছত দেশৰ তিনিটা প্ৰতিষ্ঠানে নিবিদাত অংশ লৈছে। ইয়াৰে বিড নম্বৰ 27998 যোগে হল’লাইফ কৰ্পোৰেচন ইণ্ডাষ্ট্ৰীজে ৫ ছেপ্তেম্বৰ ২০২৫ ত জমা দিছে নিবিদা।
আন দুটা কোম্পানী ক্ৰমে মনটেজ এণ্টাৰপ্ৰাইজ প্ৰাইভেট লিমিটেডে ২১ ছেপ্তেম্বৰ ২০২৫ ত বিড নং 278017 যোগে আৰু সেইদিনাই ইউফ্লেক্স লিমিটেডে হল’গ্ৰাম যোগানৰ এই নিবিদাত অংশ লৈছিল। নিবিদাৰ জৰিয়তে ৰাজ্যৰ আবকাৰী বিভাগে মুঠ ২১০ কোটি হল’গ্ৰাম যোগান বিচাৰিছে প্ৰতিষ্ঠানসমূহৰ পৰা।
কেইবাশ কোটি টকীয়া এই হল’গ্ৰাম যোগান ঠিকাক লৈ এতিয়া গুৰুত্বপূৰ্ণ প্ৰতিবন্ধকতাৰ সৃষ্টি হৈছে। কিয়নো ৰাজ্য চৰকাৰে বিভিন্ন সময়ত পলিথিন নিষিদ্ধ কৰি কঠোৰ নিৰ্দেশনা জাৰি কৰি থৈছে।
দেশৰ সংবিধানৰ ৪৭(এ) ধাৰাৰ অধীনত আৰু পৰিবেশ সুৰক্ষা দিয়াৰ প্ৰয়োজনত শেহতীয়াকৈ পৰিবেশ আৰু বন বিভাগৰ অতিৰিক্ত মুখ্য সচিব আৰ এছ প্ৰসাদে এই সংক্ৰান্তীয় এক জাননী জাৰি কৰিছিল।
২৩ আগষ্ট ২০২৩ ত জাৰি কৰা এই নিৰ্দেশনাত কেন্দ্ৰীয় চৰকাৰৰ পৰিবেশ আৰু বন মন্ত্ৰণালয়ৰ প্লাষ্টিক ৱেজ মেনেজমেণ্ট ৰোলছ, পৰিবেশ সুৰক্ষা আইন- ১৯৮৬ৰ আধাৰত জাৰি কৰা জাননী নম্বৰ GSR.320 (E)ৰ আধাৰত এই নিৰ্দেশনা জাৰি কৰিছিল। য’ত প্লাষ্টিক ষ্টিক, প্লাষ্টিক ষ্টিকাৰ, বেলুন, ফ্লেগ, আইচক্ৰীম ষ্টিক আদি নিষিদ্ধ কৰা হৈছে।
চৰকাৰৰে এনে জাননী থকাৰ পাছত এই প্ৰতিষ্ঠানসমূহক প্লাষ্টিকৰ হল’গ্ৰাম যোগানৰ এনে বৃহৎ পৰিমাণৰ ঠিকা প্ৰদান কৰিবলৈ ওলোৱা কাৰ্য চৰকাৰী নিয়মেই ভংগ কৰাৰ দৰে হৈছে। এইখিনিতে মন কৰিবলগীয়া যে, নেচনেল গ্ৰীণ ট্ৰিবিউনেলে কৰ্ণাটকৰ আবকাৰী বিভাগক দিয়া এক নিৰ্দেশত প্লাষ্টিক লেবেল সুৰাৰ বটলক লগোৱাত বাধা আৰোপ কৰিছে।
তেনে ক্ষেত্ৰত অসম চৰকাৰৰ এটা বিভাগে পলিষ্টাৰ ছিংগল ইউজ প্লাষ্টিকৰ লেবেলৰ যোগানৰ বাবে দিয়া এই বৃহৎ ঠিকাই ৰাজ্যৰ পৰিবেশ তন্ত্ৰৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাতো স্বাভাৱিক। এই ক্ষেত্ৰত অসমৰ প্ৰকৃতিপ্ৰেমী সংগঠন তথা প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ ভূমিকা লক্ষ্যণীয় হ’ব।