/asomiyapratidin/media/media_files/2025/10/26/gasfgahsa-2025-10-26-19-24-58.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনা সমজিলাৰ অন্তৰ্গত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ এখন উচ্চ শিক্ষানুষ্ঠান হৈছে ৰেগাম সোৱণশিৰী মহাবিদ্যালয়। ১৯৯৪ চনতে স্থাপিত এইখন উচ্চ শিক্ষানুস্থানত ক্ৰমাৎ শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাই নহয় অভ্যন্তৰত গা কৰি উঠা প্ৰশাসনিক উশৃংখলতাই চূড়ান্ত স্তৰত উপনীত হৈ শিক্ষানুষ্ঠানখনৰ পবিত্ৰ মজিয়া কলুষিত কৰি তুলিছে।
প্ৰধানকৈ মহাবিদ্যালয়খনত বিধিগত পদ্ধতিৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নীতি নিৰ্দেশনা অনুসৰি এগৰাকী ভাৰপ্ৰাপ্ত অধ্যক্ষ নিযুক্তিক কেন্দ্ৰ কৰি সূত্ৰপাত ঘটা অৰাজক পৰিস্থিতিয়ে চূড়ান্ত ৰূপ ধাৰণ কৰিছে। মহাবিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰী সকলো একত্রিত হৈ মহাবিদ্যালয় পৰিচালনা সমিতিয়ে বিধিগত প্ৰক্ৰিয়াৰে নিৰ্বাচিত কৰা যোগ্যতা সম্পন্ন জ্যেষ্ঠ প্ৰাৰ্থীক যোগদান কৰাত প্ৰত্যাহ্বান জনাই শৈক্ষিক পৰিৱেশ বিঘ্নিত কৰাৰো অভিযোগ উত্থাপিত হৈছে।
সংগৃহীত তথ্য মতে, মহাবিদ্যালয়খনৰ অধ্যক্ষ পুনিৰাম মৰাঙৰ জটিল শাৰীৰিক অসুস্থতাৰ বাবে উপাধ্যক্ষ দিবাকৰ দলেৰ জৰিয়তে সুদীর্ঘ দিন ধৰি প্ৰশাসনিক কাম কাজ চলাই থকা হৈছিল। এনে প্ৰেক্ষাপটত মহাবিদ্যালয় শিক্ষক কৰ্মচাৰী সকলৰ লগতে পৰিচালনা সমিতিয়ে সুস্থ প্ৰশাসনিক সেৱা উপলব্ধ কৰাৰ সন্দৰ্ভত এক যৌথ সভাত মিলিত হৈ এগৰাকী যোগ্য অৰ্হতা সম্পন্ন জ্যেষ্ঠ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ অস্থায়ী নিযুক্তিৰ বাবে সৰ্বসন্মত প্ৰস্তাৱ গ্ৰহণ কৰে।
সেই অনুক্ৰমে, মহাবিদ্যালয় পৰিচালনা সমিতিয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয় সমূহৰ পৰিদৰ্শকৰ নিৰ্দেশৰ ভিত্তিত যৌথসভা অনুষ্ঠিত কৰি যোগ্য,অৰ্হতা সম্পন্ন , জ্যেষ্ঠ ডক্টৰেট ডিগ্ৰী ধাৰী সকলৰ পৰা নথিপত্ৰ আহ্বান কৰিলে। পৰৱৰ্তী সময়ত পৰিচালনা সমিতিৰ উদ্যোগত আবেদনকাৰী প্ৰাৰ্থী সকলৰ অৰ্হতা পৰীক্ষণ কৰাৰ পাছত এগৰাকী প্ৰাৰ্থীৰহে যোগ্যতা বৈধতা প্ৰতিপন্ন হল। আবেদনকাৰী এজনৰ ডক্টৰেট ডিগ্ৰী ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা নোহোৱা আৰু অন্য এগৰাকী কনিষ্ঠ প্ৰাৰ্থীয়ে বিগত প্ৰায় ২টা বছৰ মহাবিদ্যালয়ত নিয়মীয়া শিক্ষকতা নকৰি অন্য মহাবিদ্যালয়ত সেৱা আগবঢ়োৱা, ডক্টৰেট ডিগ্ৰী গ্ৰহণৰ গৱেষণাৰ সময়ছোৱাত মহাবিদ্যালয়ৰ পৰা ছুটি নোলোৱা আদি প্ৰক্ৰিয়া উলঙ্ঘন কৰাৰ বাবে এগৰাকী মাত্ৰ প্ৰাৰ্থী অৱশিষ্ট হিচাবে ৰয় ।
মহাবিদ্যালয়খনত ২০১৭ চনত নিযুক্তি প্ৰাপ্ত ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ মিমে ৰাণী চিন্তে নামৰ প্ৰাৰ্থী গৰাকীৰ নথিপত্ৰ পৰীক্ষণ কৰি পৰিচালনা সমিতিৰ গৰিষ্ঠ সংখ্যকে বিশ্ববিদ্যালয়ৰ নীতি নিৰ্দেশনা অনুসৰি পূৰ্বৰ অসুস্থ অধ্যক্ষ গৰাকীয়ে সুস্থ হৈ কাৰ্যভাৰ গ্ৰহণ নকৰা পৰ্যন্ত ভাৰপ্ৰাপ্ত অধ্যক্ষৰ পদত কাৰ্যনিৰ্বাহ কৰি যাবলৈ নিৰ্বাচিত কৰে। যোৱা ২৭ ছেপ্টেম্বৰত ডঃ চিন্তেক ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাবে নিযুক্তি দি মহাবিদ্যালয় পৰিচালনা সমিতিয়ে বিশ্ববিদ্যালয় আৰু সংশ্লিষ্ট পক্ষলৈ নিযুক্তিৰ প্ৰতিলিপি প্ৰেৰণ কৰি উপাধ্যক্ষ গৰাকীৰ পৰা ভাৰপ্ৰাপ্ত অধ্যক্ষৰ কাৰ্যভাৰ গ্ৰহণৰ ব্যৱস্থাৰ বাবে নির্দেশ দিয়ে।
কিন্তু ইয়াতেই আৰম্ভ হল এক অশুভ ৰাজনীতি। পৰিচালনা সমিতিয়ে নৱনিযুক্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ ডঃ চিন্তেৰে কাৰ্যভাৰ গ্ৰহণৰ সভা আহ্বান কৰা দিনাই শিক্ষক সমাজে মহাবিদ্যালয় তলা বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয় সমূহৰ পৰিদৰ্শক ডঃ ৰূপম শইকীয়াৰ ১৮ ছেপ্টেম্বৰৰ নিৰ্দেশনা কাৰ্যতঃ উলঙ্ঘন কৰাই নহয় শিক্ষক সকলে, মহাবিদ্যালয় পৰিচালনা সমিতি বিশ্ববিদ্যালয়ৰ নীতি নিৰ্দেশনাকো প্ৰকাশ্যে পদপিষ্ট কৰি এক পৰিকল্পিত অৰাজক অৱস্থালৈ মহাবিদ্যালয়খন ঠেলি দিলে।
অভিভাৱক, শিক্ষক গোটৰ উপস্থিতিত পৰিচালনা সমিতিৰ বৈঠকত ভাৰপ্ৰাপ্ত অধ্যক্ষ নিযুক্তিৰ সিদ্ধান্ত গ্ৰহণৰ পাছতো ৰহস্যজনক কাৰণত বিশ্ববিদ্যালয়ৰ নীতি নিৰ্দেশনা মতে নিযুক্তি প্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ ডঃ চিন্তেক কাৰ্যভাৰ গ্ৰহণত সুদীর্ঘ দিন ধৰি শিক্ষক সকলে বাধা দি অহা পৰিলক্ষিত হৈছে। বৃহত্তৰ সোৱণশিৰি অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠানখনত অধ্যক্ষৰ যোগদানকলৈ দেখা দিয়া নির্লজ খোৱা কামোৰাৰ যুজঁখনৰ বাবে প্ৰাপ্য পদবীৰ পৰা বঞ্চিত ডঃ চিন্তেয়ে আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে সাজু হোৱা বুলি জনা গৈছে।
এখন মহাবিদ্যালয়ৰ অভ্যন্তৰত ক্ষমতা কেন্দ্ৰিক ফৈদ সৃষ্টি কৰি ঢকুৱাখনাৰ শৈক্ষিক ক্ষেত্ৰখনক কলুষিত কৰাৰ পাছত বিষয়টো ঢকুৱাখনা সমজিলা আয়ুক্তৰ দৃষ্টিগোচৰ হৈছে। সমজিলা আয়ুক্ত সংস্কৃতি ছুমানীয়ে অলপতে মহাবিদ্যালয়খনত উদ্ভৱ হোৱা অৰাজক পৰিস্থিতিৰ বুজ লবলৈ কাৰ্যবাহী দণ্ডাধীশ প্ৰেৰণ কৰে আৰু অহা ২৭ অক্টোবৰত মহাবিদ্যালয় চুটিৰ পাছত সমূহ শিক্ষক,পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু নব নিযুক্ত ভাৰপ্ৰাপ্ত অধ্যক্ষক সমজিলা আয়ুক্তৰ কাৰ্য্যালয়লৈ তলব কৰে।
ইফালে, ক্ষমতা কেন্দ্ৰিক নির্লজ যুঁজখনৰ বাবে সুদীর্ঘ দিন ধৰি এক অৰাজক অৱস্থাই গ্ৰাস কৰা মহাবিদ্যালয়খনৰ শিক্ষাৰ্থী সকলকো বিপথে পৰিচালিত কৰি, উচতনি দি এক জটিল অৱস্থালৈ নিক্ষেপ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। স্মৰ্তব্য যে, মহাবিদ্যালয় পৰিচালনা সমিতিয়ে বিধিগত পদ্ধতিৰে নিযুক্তি দিয়া ভাৰপ্ৰাপ্ত অধ্যক্ষকলৈ শিক্ষক সকলৰ অসন্তুষ্টতাৰ আঁৰত মহাবিদ্যালয়খনত দীৰ্ঘদিন ধৰি মইমতালি আৰু দৌৰাত্ম্য চলাই অহা এক সুবিধাভোগী চক্ৰ জড়িত থকাৰ আশংকা কৰা হৈছে। যত ভুৱা জালিয়াতিপূৰ্ণ নথি পত্ৰৰে ঘনিষ্ঠ ,আত্মীয় আৰু ভুৱা শিক্ষাৰ্থীক জনগোষ্ঠীয় জলপানী দি কোৰোনাৰে চৰকাৰী পুঁজি উদৰস্থ কৰি অহা চক্ৰটোলৈ সন্দেহৰ আঙুলি উঠিছে।
অধ্যক্ষৰ অনুপস্থিতিত মহাবিদ্যালয়খনৰ প্ৰশাসনীয় মুৰব্বী হৈ পৰিচালনা কৰি অহা উপাধ্যক্ষ গৰাকীয়েও এইক্ষেত্ৰত পালন কৰি আহিছে দুমুখীয়া ভূমিকা। শিক্ষক আৰু নৱনিযুক্ত ভাৰপ্ৰাপ্ত অধ্যক্ষৰ মাজৰ যুঁজখন অব্যাহত থাকিলে প্ৰকাশ্যে উপাধ্যক্ষ গৰাকীৰ কাৰ্যকাল বৃদ্ধি হৈ পৰাৰ পথ প্ৰশস্ত হোৱাৰ সপোন দেখি এনে অহেতুক পৰিস্থিতিত সাৰপানী যোগাই অহা বুলি সোৱণশিৰীবাসীৰ মাজত ব্যাপক চর্চা চলিছে ।
উল্লেখযোগ্য যে, মহাবিদ্যালয়খনৰ অধ্যক্ষ নিযুক্তি কেন্দ্ৰিক বিতৰ্ক অব্যাহত থকাৰ মাজতে সমজিলা আয়ুক্ত গৰাকীৰ হস্তক্ষেপত মহাবিদ্যালয়খনৰ অভ্যন্তৰত কেঁচু খান্দোতে সাপ ওলোৱাৰ পুৰা মাত্ৰাই আশংকা কৰা হৈছে। মহাবিদ্যালয়খনৰ মজিয়াত সৃষ্টি হোৱা এনে অকল্পনীয় পৰিস্থিতিৰ প্ৰকৃত ৰহস্য সমজিলা আয়ুক্তৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us