/asomiyapratidin/media/media_files/2026/03/04/1-2026-03-04-12-58-27.jpg)
ডিজিটেল ডেস্কঃ আমেৰিকা,ইজৰাইল,ইৰানৰ মাজত চলি থকা সামৰিক সংঘাতৰ বাবে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। ইৰানৰ ওপৰত আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণৰ পৰা আৰম্ভ হোৱা যুদ্ধই আজি পঞ্চম দিনত প্ৰৱেশ কৰিছে ৷ ইৰানৰ ওপৰত আমেৰিকা আৰু ইজৰাইলে আক্ৰমণ অব্যাহত ৰখাৰ বিপৰীতে ইৰানেও তীব্ৰ সঁহাৰি জনাইছে।
উল্লেখ্য যে, দেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে সদৰী কৰে যে,পশ্চিম এছিয়া আৰু উপসাগৰীয় অঞ্চলৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত এটা বিশেষ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে। এনে পৰিস্থিতিত বুধবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পশ্চিম এছিয়া আৰু উপসাগৰীয় অঞ্চলৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নতুন দিল্লীত এটা বিশেষ কণ্ট্ৰল ৰুম স্থাপন কৰা হৈছে। লগতে মুকলি কৰিছে কেইবাটাও হেল্পলাইন নম্বৰ। পুৱা ৯ বজাৰ পৰা নিশা ৯ বজালৈ কাৰ্যক্ষম থাকিব ক’ন্ট্ৰল ৰুম।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us