/asomiyapratidin/media/media_files/2025/10/28/69-2025-10-28-17-07-48.jpg)
ডিজিটেল সংবাদ, গহপুৰ : চোৰ-ডকাইতকে ধৰি বিভিন্ন দুস্কৃতিকাৰীক চিনাক্ত কৰাত সুবিধা হোৱাকৈ ব্যৱসায় প্ৰতিষ্ঠান, কাৰ্যালয়, বাসগৃহ আদিত লগোৱা হয় চি চি টি ভিৰ দৰে ইলেকট্ৰনিক ডিভাইচ। কিন্তু হেলেমৰ মিছামাৰীত সোমবাৰে নিশা চি চি টি ভিৰ কেমেৰা ভাঙি চিচিটিভিৰ যন্ত্ৰাংশকে লৈ গ'ল অচিনাক্ত দুস্কৃতিকাৰীয়ে।
গহপুৰ সমজিলাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত মিছামাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ দিশে অৱস্থিত শুভংকৰ কাশ্যপৰ বাসগৃহত সংঘটিত হৈছে এই ঘটনা। জানিব পৰামতে-শুভংকৰ কাশ্যপৰ বাসগৃহত কোনো অচিনাক্ত দুস্কৃতিকাৰীয়ে চিচি টিভিৰ কেমেৰা ভাঙি ঘৰখনৰ ভিতৰৰ বিভিন্ন সা-সামগ্ৰী,বয়-বস্তু আদি লণ্ডভণ্ড কৰাৰ উপৰি লৈ যায় চি চি টিভি কেমেৰাৰ দৃশ্য বাণীবদ্ধ হৈ থকা ডিভাইচৰ যন্ত্ৰাংশ।
শুভংকৰ কাশ্যপৰ বাসগৃহত মানুহ নথকাৰ সুযোগ লৈ এইদৰে সঘনাই উপদ্ৰৱ চলাই আহিছে দুস্কৃতিকাৰীয়ে। উল্লেখ্য যে ইয়াৰ পূৰ্বে শুভংকৰ কাশ্যপৰ বাসগৃহৰ লোৰ দৰ্জা আৰু কাঠৰ দৰ্জা ভাঙি তিনিবাৰ উপদ্ৰৱ চলাইছিল দুস্কৃতিকাৰীয়ে।
লক্ষ্যণীয় কথা এয়ে যে-দুস্কৃতিকাৰীয়ে উক্ত ঘৰটোৰ ভিতৰত প্ৰৱেশ কৰি আলমিৰা, বাচন-বৰ্তন,কাপোৰ কানি,বয় বস্তু আদি লণ্ড ভণ্ড কৰাৰ বাহিৰে কোনো এপদ বস্তু ঘৰটোৰ ভিতৰৰ পৰা লৈ নাযায়।যোৱা নিশাহে আন সা সামগ্ৰী বা বয় বস্তুৰ সলনি লৈ যায় চি চি টি ভি কেমেৰাৰ ডিভাইচটো। যদিও কিছু সা সামগ্ৰী লণ্ড ভণ্ড কৰা হয় বাকী সকলো সা সামগ্ৰী কিন্তু সুৰক্ষিত অৱস্থাতে থাকে ঘৰটোৰ ভিতৰত।
ঘৰটোৰ ভিতৰত তলা ভাঙি প্ৰৱেশ কৰা দুস্কৃতিকাৰীয়ে সা-সামগ্ৰী, বয় বস্তু আদি চুৰি কৰি নিয়াৰ পৰিবৰ্তে লণ্ড ভণ্ড কৰাৰ আঁৰত কি ৰহস্য লুকাই আছে তাকে লৈ সন্ধিহান হৈ পৰিছে স্থানীয় ৰাইজ। কৰ্মসূত্ৰে শুভংকৰ কাশ্যপ বাংগালুৰুত থকাৰ বাবে তলা বন্ধ অৱস্থাত থাকে মিছামাৰীৰ ঘৰটো।
যোৱা নিশা দুস্কৃতিকাৰীৰ দলটোৱে তেওঁলোকৰ দৃশ্য চিচিটিভিত বন্দী হোৱাৰ উমান পাই ৰেকৰ্ডিং ডিভাইচটো লৈ যোৱা বুলি সন্দেহ কৰা হৈছে। দুস্কৃতিকাৰী দলটোৱে দৰ্জা খোলাত ব্যৱহাৰ কৰা এডাল লোৰ চাবোল আৰু এডাল ৰ'ড ঘৰটোৰ ভিতৰৰ পৰা উদ্ধাৰ কৰিছে শুভংকৰ কাশ্যপৰ মোমায়েক তথা মিছামাৰীৰ বাসিন্দা প্ৰশান্ত গোস্বামীয়ে। ঘটনাৰ বিষয়ে ইতিমধ্যে হেলেম আৰক্ষীক অৱগত কৰা হৈছে। আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us