/asomiyapratidin/media/media_files/2025/03/14/MdDaNwT8RNL1gftyHo0U.png)
তিতাবৰৰ নগাবাটত কেইবাটাও ৰাজহুৱা কামৰ নিৰ্মাণকাৰ্য শুভাৰম্ভ
ডিজিটেল সংবাদ, তিতাবৰ : তিতাবৰৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল নগাবাট আৰু বেকাজানৰ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানত কেইবাটাও কামৰ নিৰ্মাণকাৰ্য শুভাৰম্ভ কৰে ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদে। গ্ৰামাঞ্চলৰ ৰাইজৰ সমস্যাক গুৰুত্ব আৰোপ কৰি উন্নয়নমুখী লক্ষ্যৰে ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ ১ নং নগাবাট সমষ্টিত আৰম্ভ হৈছে প্ৰায় ৫৫ লক্ষাধিক টকাৰ কাম।
উল্লেখযোগ্য যে কাৰ্যবাহী সদস্য বিপুল কছাৰীৰ প্ৰচেষ্টাত গ্ৰহণ কৰা এই কাৰ্যসূচীত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ চন্দ্ৰ কছাৰী উপস্থিত থাকি বিভিন্ন কামৰ বাবে পুঁজিৰ চেক প্ৰদান কৰে। ইফালে নগাবাট ঠেঙাল গাঁও নামঘৰত পাঁচ লাখ টকা পুঁজিৰে নিৰ্মাণকাৰ্য শুভাৰম্ভ কৰে এটা ঠেঙাল ভৱনৰ।
ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ উন্নয়ণমূলক এনে পদক্ষেপে উপকৃত কৰিব বুলি আশাবাদী অঞ্চলটোৰ সচেতন ৰাইজ।