‘৩ মাহৰ ভিতৰত আৰম্ভ হ’ব ৰাম মন্দিৰ নিৰ্মাণৰ কাম’…

‘৩ মাহৰ ভিতৰত আৰম্ভ হ’ব ৰাম মন্দিৰ নিৰ্মাণৰ কাম’…

author-image
asomiyapratidin
New Update
দিল্লীৰ জামিয়া কাণ্ডৰ কোনো দোষী সাৰি যাব নোৱাৰেঃ গৃহমন্ত্ৰী অমিত শ্বাহ…

ফাইল ফটো

ডিজিটেল ডেস্কঃ ৩ মাহৰ ভিতৰত আৰম্ভ হ'ব অযোধ্যাৰ ৰাম মন্দিৰৰ নিৰ্মাণৰ কাম-কাজ। মঙলবাৰে এই ঘোষণা কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। মঙলবাৰে বঙ্গলা বজাৰৰ ৰামকথা পাৰ্কত বিজেপিয়ে কা'ৰ সমৰ্থনত বাহিৰ কৰা ৰেলীত এই ঘোষণা কৰি বিৰোধীকো তীক্ষ্ণ সমলোচনা কৰে গৃহমন্ত্ৰীগৰাকীয়ে।

Advertisment

তেওঁ কয়, কংগ্ৰেছকে ধৰি অন্য কিছু বিৰোধী দলে পুৰণি এই বিবাদক বিবাদ কৰিয়ে ৰাখিব বিচাৰিছিল। কিন্তু মোডী চৰকাৰৰ প্ৰয়াসত ইয়াক লৈ চলা শুনানি প্ৰক্ৰিয়া অধিক খৰকটীয়া হ'ল। আমি নিজকে ধন্য মানিছো যে, গগনচুম্বী ৰাম মন্দিৰৰ নিৰ্মাণকাৰ্য আমি আমাৰ শাসনকালতে নিৰ্মাণ কৰিম।