/asomiyapratidin/media/media_files/2026/01/08/1-2026-01-08-17-30-40.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনাঃ অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ অধীনত ঢকুৱাখনা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন গুৰুত্বপূৰ্ণ পথ আৰু দলং নিৰ্মাণৰ কাম দ্ৰুতগতিৰে আগবাঢ়িছে।ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মান পথ সংমণ্ডলৰ অধীনত পথৰ স্থায়িত্ব বৃদ্ধিৰ বাবে অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰিছে লোকনিৰ্মান বিভাগে । সচৰাচৰ প্ৰযুক্তিৰে পথ নিৰ্মাণ পদ্ধতি প্ৰয়োগৰ পৰিৱৰ্তে এইবাৰ লোকনিৰ্মান বিভাগে সংমণ্ডলটোৰ অন্তৰ্গত দুটা পথ নিৰ্মাণ আঁচনিত প্ৰয়োগ কৰিছে "চেল ফিল্ড কংক্ৰিট" আৰু "চিন্থেতিক ৰিটেইনিং ৱাল" টেকন'লজী।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/08/whatsapp-im-2026-01-08-17-28-56.jpeg)
লোকনিৰ্মান বিভাগৰ সূত্ৰই জনোৱা মতে, এছ ডি এম এফ শিতানৰ ২০২৪-২০২৫ বর্ষৰ প্ৰায় ১কোটি ৯৮লাখ টকা ব্যয়ৰে কেঁকুৰী পমুৱাৰ পৰা নয়বজাৰ সংযোগী লোকনিৰ্মান পথৰ প্ৰায় ৩৫২ মিটাৰ অংশ "ৰেণ্ডম ৰাবল মেচনৰী ৰিটেইনিং ৱাল"নিৰ্মাণ কৰি আঁচনিৰ কাম ইতিমধ্যে প্ৰায় সম্পূৰ্ণ কৰিছে । তাৰোপৰি বাপাৰাম লোকনিৰ্মান পথৰ বাটমাৰী তিনিআলিৰ পৰা চিৰিং গাঁও সংযোগী পথৰ প্ৰায় ১'৬ কিলোমিটাৰ পথ বিভাগে "চেল ফিল্ড কংক্ৰিট টেকনলজী" ব্যৱহাৰ কৰি প্ৰায় ৭০শতাংশ কাম সম্পূৰ্ণ কৰিছে ।
উল্লেখযোগ্য় যে,বিভাগৰ ঠিকাদাৰ মাধৱ শইকীয়াৰ জৰিয়তে ৰূপায়িত এই আঁচনিৰ বাকী অংশৰ কাম পূৰ্ণগতিত চলি থকা পৰিলক্ষিত হৈছে ।এই পথ নিৰ্মান আঁচনিত অত্যাধুনিক প্ৰযুক্তিৰ গুণগত ব্যৱহাৰৰ জৰিয়তে আবন্তিত চৰকাৰী পুঁজিৰ সদব্যৱহাৰ হোৱাৰ লগতে ৰাইজে সন্মুখীন হৈ অহা জটিল সমস্যাৰ এক স্থায়ী সমাধানৰ পথ প্ৰশস্ত হব বুলি ভুক্তভোগী ৰাইজৰ লগতে বিভাগে আশা ব্যক্ত কৰিছে । উল্লেখিত এই দুখন অত্যাধুনিক প্ৰযুক্তিৰ আঁচনি ২০২৫ বর্ষৰ ৮ নৱেম্বৰত স্থানীয় বিধায়ক নৱ কুমাৰ দলে আধাৰশিলা স্থাপন কৰি নিৰ্দ্ধাৰিত সময়ত কাম সম্পূৰ্ণ কৰাৰ ৰাজহুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/08/whatsapp-imag-2026-01-08-17-29-26.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us