/asomiyapratidin/media/media_files/2026/02/20/dhsgdhsdhsu-2026-02-20-19-39-24.jpg)
ডিজিটেল সংবাদ, মিৰ্জাঃ পলাশবাৰী ৰাজহ চক্ৰৰ ২ নং ৰামপুৰ গাঁৱৰ গো-চৰণীয়া পথাৰৰ (VGR) ২৪৪ নং দাগৰ অংশসহ মুঠ ১৫০ বিঘা ভূমি সংৰক্ষণমুক্ত কৰাৰ প্ৰস্তাৱক লৈ পুনৰ উত্তপ্ত হৈ উঠিছে অঞ্চলটো। বিষয়টো সন্দৰ্ভত দাখিল কৰা লিখিত অভিযোগৰ ভিত্তিত ইতিপূৰ্বে একাধিক ৰাজহুৱা শুনানি অনুষ্ঠিত হোৱা সত্ত্বেও প্ৰশাসনৰ চূড়ান্ত সিদ্ধান্ত এতিয়ালৈকে ৰাজহুৱাকৈ প্ৰকাশ নকৰাত ৰাইজ আৰু দল-সংগঠনৰ মাজত বৃদ্ধি পাইছে ক্ষোভ।
উল্লেখ্য যে, বিগত ০৭/০৪/২০২৫ তাৰিখে কামৰূপ জিলাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এক জাননীত পলাশবাৰী ৰাজহ চক্ৰৰ ৰামপুৰ মৌজাৰ ৬১০ দাগৰ অধীনত থকা ৮৩ বিঘা ২ কাঠা ১৪ লেচা আৰু ২৪৪ দাগৰ অধীনত থকা ৬৬ বিঘা ২ কাঠা ৬ লেচা—মুঠ ১৫০ বিঘা চৰকাৰী গো-চৰণীয়া ভূমি (VGR) অসম উদ্যোগ বিকাশ নিগম লিমিটেডৰ জৰিয়তে New Kolkata International Development Pvt. Ltd.-ৰ লজিষ্টিক পাৰ্ক নিৰ্মাণৰ বাবে প্ৰদান কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল।
এই খবৰ প্ৰকাশ পোৱাৰ পিছতে প্ৰকৃতিপ্ৰেমী ৰাইজ, বিলপাৰৰ বাসিন্দা আৰু বিভিন্ন দল-সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পৃথকে পৃথকে লিখিত অভিযোগ দাখিল কৰে। এই অভিযোগসমূহৰ ভিত্তিত যোৱা ২১, ২২ আৰু ২৩ মে’, ২০২৫ তাৰিখে ১২টা চৰকাৰী বিভাগৰ বিষয়াৰ উপস্থিতিত কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়ত ৰাজহুৱা শুনানি অনুষ্ঠিত হয়।
কিন্তু শুনানীৰ ফলাফল ৰাজহুৱাকৈ প্ৰকাশ নকৰাকৈ পুনৰ ০১/০৯/২০২৫ তাৰিখে পূৰ্বৰ জাননীৰ সামান্য সংশোধন কৰি আন এখন জাননী জাৰি কৰা হয়। উল্লেখযোগ্য যে, প্ৰায় ৭০০ৰো অধিক লিখিত আপত্তি আৰু অভিযোগ দাখিল হৈছিল। তাৰ পিছত লিখিত অভিযোগকাৰীসকলক নৱগঠিত পলাশবাৰী সমজিলা আয়ুক্তৰ কাৰ্যালয়ত হাজিৰ হৈ সাক্ষাৎ শুনানি দিবলৈ তলব কৰা হয়। সেইমতে ৩০-৩১ অক্টোবৰৰ লগতে ১ নৱেম্বৰ, ২০২৫ তাৰিখে পুনৰ তিনিদিন ধৰি ৰাজহুৱা শুনানি গ্ৰহণ কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/20/whatsapp-image-2026-02-20-19-50-39.jpeg)
এই শুনানীত সাধাৰণ মাছমৰীয়া, কুমাৰ, মৃৎশিল্পী, হাজিৰা কৰা শ্ৰমিক, ছাত্ৰ-শিক্ষক, নিৱনুৱা যুৱক-যুৱতী, গৰ্ভৱতী নাৰী, প্ৰকৃতিপ্ৰেমী সংগঠন আৰু সংবাদকৰ্মী আদি সকলো শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰি ফটো-ভিডিঅ’সহ যুক্তি উপস্থাপন কৰে। তেওঁলোকৰ বক্তব্য আছিল যে দৰাবিলৰ কাষৰ এই গো-চৰণীয়া পথাৰখন অতি গুৰুত্বপূৰ্ণ আৰ্দ্ৰভূমিৰ অংশ, যাৰ জৈৱ-বৈচিত্ৰ অতি স্পৰ্শকাতৰ আৰু অঞ্চলটোৰ বৃহৎ জনসমষ্টিৰ জীৱন-জীৱিকাৰ মূল আধাৰ।
ইয়াৰ পিছতো চৰকাৰী স্থিতি স্পষ্ট নকৰাত বৃহস্পতিবাৰে ৰাইজৰ প্ৰতিনিধিসকলে পলাশবাৰী সমজিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ আয়ুক্তক এক লিখিত পত্ৰ প্ৰদান কৰে। পত্ৰত শুনানীৰ সিদ্ধান্ত আৰু দৰাবিল সংৰক্ষণ সন্দৰ্ভত চৰকাৰৰ স্থিতি ৰাজহুৱাকৈ প্ৰকাশ কৰিবলৈ দাবী জনোৱা হয়।
ৰাইজে স্পষ্ট কৰি কয় যে, তেওঁলোক কোনো ব্যক্তিগত স্বাৰ্থত নহয়; বৰঞ্চ এক গুৰুত্বপূৰ্ণ আৰ্দ্ৰভূমি আৰু জীৱন-জীৱিকাৰ আধাৰ ৰক্ষা কৰাৰ স্বাৰ্থতহে আন্দোলন অব্যাহত ৰাখিছে। “এখন বিল ৰক্ষা কৰাৰ দাবী কোনো সংকীৰ্ণ ৰাজনৈতিক স্বাৰ্থত সীমাবদ্ধ নহয়,” বুলি তেওঁলোকে মত প্ৰকাশ কৰে। এই পৰিস্থিতিত প্ৰশাসনে বিষয়টোৰ চূড়ান্ত সিদ্ধান্ত শীঘ্ৰে প্ৰকাশ কৰিবনে নাই সেয়া এতিয়া লক্ষ্যণীয় হৈ পৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us