অসমৰ লাবণ্যই লভিছে আন্তঃৰাষ্ট্ৰীয় খ্যাতি : এমাজ’ন বজাৰ দখল ককোৱা আৰু তৰাৰ

অসমৰ অৰ্থনীতি মূলত কৃষিৰ ওপৰত নিৰ্ভৰ কৰে ৷ এই কৃষি অৰ্থনীতি আকৌ সম্পূৰ্ণ নিৰ্ভৰ কৰে ধান উৎপাদনৰ ওপৰত । কেতিয়াবা কোনোবাই ভাবিছিল নে যে অসমৰ এক কেজি চাউলৰ দাম দেশীয় বজাৰতে চাৰি শ ৰ পৰা পাঁচ শ টকা হ’ব ? পিছে সেয়াই সম্ভৱ হৈছে।

author-image
Asomiya Pratidin
New Update
367

ডিজিটেল সংবাদ, লখিমপুৰ : অসমৰ অৰ্থনীতি মূলত কৃষিৰ ওপৰত নিৰ্ভৰ কৰে ৷ এই কৃষি অৰ্থনীতি আকৌ সম্পূৰ্ণ নিৰ্ভৰ কৰে ধান উৎপাদনৰ ওপৰত । কেতিয়াবা কোনোবাই ভাবিছিল নে যে অসমৰ এক কেজি চাউলৰ দাম দেশীয় বজাৰতে চাৰি শ ৰ পৰা পাঁচ শ টকা হ’ব ? পিছে সেয়াই সম্ভৱ হৈছে।

অসমৰ ৰঙা বাওধানৰ চাউল দেশীয় বজাৰত উপলব্ধ হৈছে চাৰিৰ পৰা পাঁচ শ টকা প্ৰতি কেজিৰ দৰত । কেৱল সেয়ে নহয় অচিৰেই অসমে দেশীয় ধানৰ বজাৰত চাৰি শ কোটিৰ অংশীদাৰিত্ব লাভ কৰিব পাৰে ৷ এই আশাৰ খবৰ দিছে অসম কৃষি বিশ্ব বিদ্যালয়ে ৷

WhatsApp Image 2025-12-01 at 9.57.37 PM

অসম কৃষি বিশ্ব বিদ্যালয়ৰ গৱেষণা সঞ্চালক ড° সঞ্জয় কুমাৰ চেতিয়াই আজি লখিমপুৰত এই প্ৰতিবেদকক এই তথ্য সদৰী কৰিছে । আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন ধানৰ গৱেষক তথা জ্যেষ্ঠ কৃষি বিজ্ঞানী গৰাকীৰ মতে অসমৰ থলুৱা বাও ধান ককোৱা আৰু তৰা বাওৰ ৰঙা চাউল কৃষি বিশ্ব বিদ্যালয়ে অলপতে বাণিজ্যিক বজাৰত মুকলি কৰিছিল ২০০ ৰ পৰা ২৫০ টকা প্ৰতিকিলো গ্ৰাম ৰঙা চাউলৰ দাম নিৰ্ধাৰণ কৰি বজাৰলৈ মুকলি কৰিছে ।

সেই সময়ত কৃষি বিশ্ব বিদ্যালয়ক সকলোৱে হাঁহিছিল । কৈছিল ইমান দৰত কোনে কিনিব চাউল ? কিন্তু এতিয়া এমাজ’নে এই চাউল তিনিৰ পৰা চাৰিশ টকা প্ৰতি কিলোগ্ৰামৰ দৰত ই বজাৰত বিক্ৰী কৰিছে। আনহাতে প্ৰিমিয়াম ৰাইচ হিচাপে আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰা কৃষি বিশ্ব বিদ্যালয়ৰ উদ্ভাৱন  বেঙুনীয়া চাউল লাৱণ্যই আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিছে ৷

WhatsApp Image 2025-12-01 at 9.57.11 PM

এই চাউলে বাছমতীৰ দৰেই চাৰি শ ৰ পৰা পাঁচ শ টকা প্ৰতি কিলোগ্ৰামৰ দৰ বজাৰত দখল কৰিছে। উল্লেখযোগ্য যে কৃষি বিশ্ববিদ্যালয়ে প্ৰতি কিলোগ্ৰাম লাৱণ্য এমাজ’নক ৩৫০ টকা দৰত বিক্ৰী কৰে ৷ ৰঞ্জিত চাব ওৱান আৰু বাহাদুৰ চাব ওৱানৰ দৰে অধিক উৎপাদন ক্ষম ধানৰ জাত কৃষকক উপহাৰ দিয়া কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালক ড° চেতিয়াৰ মতে অসমে ষাঠি হাজাৰ হেক্টৰত বাও ধান উৎপাদন কৰে ৷

ৰঙা বাও ধান ঔষধি গুণ যুক্ত ৷ দেশীয় ধানৰ বজাৰৰ মূল্য প্ৰায় চাৰি হাজাৰ কোটি টকা ৷ বাচমতিৰ নিজাকৈ ষাঠি হাজাৰ কোটিৰ বজাৰ আছে ৷ সেই বজাৰক বাদ দি অসমে যদি দহ শতাংশ দেশীয় ধানৰ বজাৰ ৰঙা চাউলেৰে দখল কৰে তেন্তে বছৰি চাৰিশ কোটি টকা দেশীয় ধানৰ বজাৰৰ পৰা লাভ কৰিব। সেই লক্ষ্যক সাকাৰ ৰূপ দিবলৈ যত্ন কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ে ।

কৃষকৰ মাজত বাওধানৰ খেতিৰ জনপ্ৰিয়তা আৰু উৎপাদন ক্ষমতা বৃদ্ধিৰ প্ৰয়াস কৰিছে ৷ আন্তঃৰাষ্ট্ৰীয় বজাৰত ৰঙা চাউলৰ চাহিদা অসমৰ ক্ষেত্ৰত অধিক ৷ স্মৰ্তব্য যে কৃষি বিশ্ব বিদ্যালয়ে জহা চাউলৰো ৰপ্তানি বাণিজ্য অব্যাহত ৰাখিছে । 

WhatsApp Image 2025-12-01 at 9.57.10 PM

উল্লেখ্য যে, লখিমপুৰ মাণ্ডলীক কৃষি গৱেষণা কেন্দ্ৰত আজি কৃষক আৰু বিজ্ঞানীৰ এক আলাপ আৰু কৃষক মেলা অনুষ্ঠিত হয়। " ধানৰ প্ৰকাৰৰ কেফেটেৰিয়া" বা "বিভিন্ন জাতৰ ধানৰ পথাৰ", প্ৰদৰ্শন  কৰে আমন্ত্ৰি ত কৃষকে ৷ কৃষক  বিভিন্ন ধৰণৰ ধানৰ প্ৰকাৰৰ মাজত তুলনা, মূল্যায়ন আৰু প্ৰত্যক্ষ অভিজ্ঞতাৰ জৰিয়তে তেওঁলোকৰ বাবে উপযুক্ত জাতটো বাছনি কৰিব পাৰে এই কেফেটেৰীয়াত ই হৈছে এক প্ৰদৰ্শন পথাৰ য'ত নতুন আৰু উন্নত জাতৰ ধানৰ প্ৰসাৰৰ বাবে সুযোগ সৃষ্টি কৰা হয়।

WhatsApp Image 2025-12-01 at 9.57.37 PM (1)

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালক ড° সঞ্জয় কুমাৰ চেতিয়া ,বিজ্ঞানী ড° ধীৰেন চৌধুৰী ,বিজ্ঞান গুৰু ড° উমাতামুলী আৰু সাংবাদিক বুবুল হাজৰিকা। লখিমপুৰ কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড° প্ৰৱাল শইকীয়াৰ নেতৃত্বত আয়োজিত এই কৃষক বিজ্ঞানীীৰ বাৰ্তালাপত ডেৰ শতাধিক কৃষক উপস্থিত থাকে ৷

কৃষক