দল চলাবলৈ নাই পুঁজি ! কংগ্ৰেছৰ ৰাজীৱ ভৱন হ'ব ব্যৱসায়ীক ক্ষেত্ৰ...

author-image
Asomiya Pratidin
New Update
দল চলাবলৈ নাই পুঁজি ! কংগ্ৰেছৰ ৰাজীৱ ভৱন হ'ব ব্যৱসায়ীক ক্ষেত্ৰ...

rajib bhawan

ডিজিটেল ডেস্কঃ দল চলোৱাৰ বাবে পুঁজিৰ অভাৱ কংগ্ৰেছৰ ! পুঁজিৰ অভাৱ দূৰ কৰিবলৈকে এতিয়া কংগ্ৰেছে ৰাজীৱ ভৱনক ব্যৱসায়ীক ভৱনলৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিসময়ৰ বিজেপি অসম প্ৰদেশে ৰাজ্যিক কাৰ্যালয় পঞ্চতাৰকা হোটেলৰ দৰে অতি বিলাসবহুল ভাৱে নিৰ্মাণ কৰি চমক সৃষ্টি কৰিছে সেই সময়তে কংগ্ৰছে নিজৰ ৰাজীৱ ভৱন ব্যৱসায়ীক ভৱনলৈ ৰূপান্তৰ কৰিবলৈ লোৱা কাৰ্যক বিভিন্নজনে সমালোচনা কৰাই নহয় কংগ্ৰেছ নেতৃত্বই দলৰ কথা চিন্তা নকৰি ব্যক্তিগত সম্পত্তি আহৰণত গুৰুত্ব দিয়াৰ বাবেই আজিৰ অৱস্থাত উপনীত হৈছে বুলি চৰ্চা চলিছে।

Advertisment

উল্লেখ্য যে কংগ্ৰেছে গুৱাহাটীস্থিত ৰাজ্যিক কাৰ্যালয় ৰাজীৱ ভৱন ভাড়ালৈ দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেৱল ৰাজীৱ ভৱনেই নহয়, মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সটো এটা মাল্টি স্তোৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছে।

যাৰ জৰিয়তে দল চলোৱাৰ বাবে প্ৰয়োজনীয় পুঁজিৰ অভাৱ দূৰ কৰিব পাৰিব বুলি ধাৰণা কৰা হৈছে। নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ভাৰত বৰ্ষৰ বিভিন্ন স্থানত থকা ৰাজীৱ ভৱন তথা কংগ্ৰেছৰ সম্পত্তি নতুনকৈ নিৰ্মাণৰ চিন্তা চৰ্চা কৰিছে।

এনে চিন্তাৰে এক অংশ ৰাজীৱ ভৱন বাণিজ্যিক ভৱনলৈ ৰূপান্তৰ। ৰাজীৱ ভৱনক বাণিজ্যিক ভৱন অথবা ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাৰ বাবে গঠিত হোৱা সমিতিৰ সভাপতিৰ দায়িত্ব দিয়া হৈছে বিৰোধী দলপতি তথা নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়াক।