/asomiyapratidin/media/media_files/2026/02/12/naduwarrr-2026-02-12-19-51-18.jpg)
ডিজিটেল সংবাদ, চতিয়াঃ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত পৰিৱৰ্তন যাত্ৰাক নদুৱাৰ সমষ্টিত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে বিজেপিয়ে। চতিয়া আৰক্ষীৰ সন্মুখতে বিজেপিৰ বহু সংখ্যক নেতা-কৰ্মীয়ে ঘাইপথ অৱৰোধ কৰি কেইবাখনো বাহনত আক্ৰমনৰ কৰাৰো অভিযোগ উত্থাপন হৈছে।
এই ঘটনাৰ পাছতে আৰক্ষী প্ৰশাসনে কংগ্ৰেছৰ দলটোক নদুৱাৰলৈ যোৱাত বাধা প্ৰদান কৰে। উল্লেখ্য যে, পৰিৱৰ্তন যাত্ৰাৰ অংশৰূপে বৃহস্পতিবাৰে বিশ্বনাথত কাৰ্যসূচী সমাপ্ত কৰি জামুগুৰিহাটৰ কুসুমটোলাত থকা ঐতিহ্যমণ্ডিত বাসুদেৱ থানত সেৱা ল’বলৈ যোৱাৰ সময়তে সভাপতি গৌৰৱ গগৈসহ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসনে বাধা প্ৰদান কৰে।
ইয়াৰ পিছতে সভাপতি গৌৰৱ গগৈ, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক মনোজ চৌহান, সাংসদ ৰকিবুল হুছেইনসহ শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ কেইবা শতাধিক কংগ্ৰেছী নেতা-কৰ্মীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
ক্ষুদ্ধ কংগ্ৰেছ কৰ্মীসকলে বিধায়ক পদ্ম হাজৰিকা মুৰ্দাবাদ, পদ্ম হাজৰিকা গ’বেক ধ্বনি দি অঞ্চলটোৰ পৰিবেশ উত্তপ্ত কৰি নদুৱাৰ সমষ্টিত পৰিৱৰ্তন যাত্ৰাক সোমোৱাত বাধা প্ৰদান কৰাৰ তীব্ৰ প্ৰতিবাদ কৰে।
ঘটনা সন্দৰ্ভত শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি কাৰ্তিক কুৰ্মী আৰু জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি দাদুল বৰকাকতিয়ে তাৎক্ষণিকভাৱে নদুৱাৰ বিজেপিৰ নেতা চাদউদ্দিন আহমেদ (বুলু) আৰু ইমামুদ্দিন আহমেদ, মাধুৰ্য বৰা, নিতুল বনিয়া, মেহবুব আলম, পঙ্কিল কলিতা, ভাস্কৰ শইকীয়া আৰু সীমান্ত বৰুৱাকে ধৰি ৮জনৰ বিৰুদ্ধে চতিয়া থানাত এজাহাৰ দাখিল কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us